গুৱাহাটী, ১২ অক্টোবৰঃ কাছাৰৰ লগতে বৰাক উপত্যকাৰ সমগ্র অঞ্চলৰ পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উদাৰবন্দত শিলচৰ কুম্ভীৰগ্ৰাম পথ উন্নীতকৰণ প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ১৬ কিলোমিটাৰৰো অধিক দৈর্ঘ্যৰ প্ৰস্তাৱিত পথ উন্নীতকৰণৰ এই প্রকল্পই বৰাক উপত্যকাৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন দিশৰ সূচনা কৰিব। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে লগতে কয় যে বৰাক উপত্যকাৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্রুতিবদ্ধ। বর্তমানৰ ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ জিলা কেইখনত নতুন পথ যোগাযোগ ব্যৱস্থা স্থাপনৰ উপৰি সমগ্ৰ পথ যোগাযোগ ব্যৱস্থা উন্নীতকৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্রদান কৰিছে। ৰাজ্য চৰকাৰে বৰাক উপত্যকাৰ সকলো পথ পকীকৰণৰ কৰাৰ উপৰি ৰাজ্যখনৰ অন্যান্য জিলাৰ সৈতে বৰাক উপত্যকাৰ পথ যোগাযোগ ব্যৱস্থা সুচল কৰাৰ বাবে সকলো প্রকাৰৰ প্ৰয়াস চলাব। বৰাক উপত্যকাৰ অর্থনৈতিক উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে এই উপত্যকাৰ পথ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰিছে। বৰাক উপত্যকাত থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৫০০ কোটি টকা মঞ্জুৰ কৰিছে। মুখ্যমন্ত্রীয়ে ত্ৰিপুৰৰ সৈতে অসমৰ পথ যোগাযোগ ব্যৱস্থা সূচল কৰাৰ বাবে ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটাে উন্নীতকৰণৰ ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে। লগতে ৰাজ্যখনৰ জনসাধাৰণ বর্তমানৰ চৰকাৰখনৰ অভিভাৱক বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে বৰাক উপত্যকাত ৰূপায়িত হৈ থকা পথ প্রকল্পৰ কাম-কাজ সমূহৰ ওপৰত চােকা নজৰ ৰাখিবলৈও জনসাধাৰণক আহ্বান জনায়। বর্তমানৰ ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে প্রশাসনৰ পৰা দুৰ্নীতি নির্মূলৰ ক্ষেত্ৰত জনসাধাৰণক চৰকাৰৰ সৈতে সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনায়। বৰাক উপত্যকাৰ জনসাধাৰণৰ প্ৰশাসনীক কাম-কাজ নিয়াৰীকৈ সম্পন্ন হােৱাৰ দিশত সহায়ক হােৱাকৈ ৰাজ্য চৰকাৰে অতি সোনকালে বৰাক উপত্যকাত মিনি চেক্ৰেটেৰিয়েট নির্মাণৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে।