গুৱাহাটী : অসম আৰক্ষীৰ বৃহৎ সাফল্য। প্ৰথমবাৰৰ বাবে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মাওবাদীৰ এজন দুধর্ষ সদস্যক। মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যক জালত পেলাবলৈ সক্ষম হৈছে অসম আৰক্ষী। ধৃত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যজনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ৰুজু হৈ আছে ২০০ ৰো অধিক গোচৰ।

অসম আৰক্ষীয়ে কাছাৰ জিলাৰ পৰা মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হাৰমিত সিঙে এক সংবাদমেলযোগে জানিবলৈ দিয়ে যে অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাই দেওবাৰে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কাছাৰ জিলাৰ পাতিমাৰা চাহ বাগান অঞ্চলৰ পৰা মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰে।

ধৃত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যজনৰ নাম অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা। অসমত মাওবাদীৰ কাৰ্যকলাপ গঢ়ি তোলাৰ বাবে অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা অসমত দীর্ঘদিন ধৰি আশ্ৰয় লৈ আছিল। মাওবাদীৰ সদস্যজন পূৰ্বে দুবাকৈ অসম আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম হৈছিল বুলিও জানিবলৈ দিয়ে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হাৰমিত সিঙে।

দেওবাৰে অৱশেষত ৭২ বছৰীয়া অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা নামৰ মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্যজনক কাছাৰ জিলাত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা পশ্চিম বংগৰ হাওৰাৰ বাসিন্দা। লেপটপ, মোবাইল ফোন, মাওবাদীকলৈ লিখা কিতাপ আৰু নগদ ৩ লাখ টকা উদ্ধাৰ হৈছে মাওবাদীৰ সদস্য জনৰ কবলৰ পৰা।

আৰক্ষীৰ অভিযানত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা’ৰ লগতে আৰু আকাশ ওৰাং নামৰ আন এজন সদস্যকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অৰুণ কুমাৰ ভট্টাচাৰ্য্য ওৰফে কাঞ্চন দা’ৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ২০০ ৰো অধিক গোচৰ ৰুজু হৈ আছে আৰু মাওবাদীৰ সদস্যজনৰ ওপৰত ৩ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছে বুলিও জানিবলৈ দিয়ে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।