হাইলাকান্দি : হাইলাকান্দিত ২ কোটি টকা মূল্যৰ হেৰ’ইনসহ এজন গ্ৰেপ্তাৰ। হাইলাকান্দি আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ড্ৰাগছ বিৰোধী অভিযান চলাই এই সাফল্য লাভ কৰে। ৪১৩ গ্ৰাম হেৰ’ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেনিয়েল চড়াই নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক।

ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে লাভ কৰিছে কেইবাটাও বৃহৎ সাফল্য। বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বহু ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰীক।

অসম আৰক্ষীয়ে এটাৰ পিছত আনটো সাফল্য লাভ কৰাৰ পিছতো ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ সাম্ৰাজ্য চলাই থকাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰে এক প্ৰমাণ পোৱা গ’ল হাইলাকান্দি জিলাত। হাইলাকান্দিত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে হাইলাকান্দিৰ আলেকজেণ্ডাৰপুৰ অঞ্চলৰ পৰা ৪১৩ গ্ৰাম হেৰ’ইনসহ ডেনিয়েল চড়াই নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীজনে এজন লোকক হেৰ’ইনখিনি দিবলৈ অহাৰ সময়ত আৰক্ষীৰ জালত পৰে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য ২ কোটি টকা বুলি আৰক্ষীয়ে অনুমান কৰিছে।