কলকাতা, ৪ জুন, ২০২৩ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে (৪ জুন) কলকাতাত (Kolkata) ‘বংগোপসাগৰ অঞ্চলত সামুদ্ৰিক উন্নয়নৰ অংশীদাৰসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক’ত অংশগ্ৰহণ কৰে। ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ দূতসকলৰ লগতে উদ্যোগ আৰু বাণিজ্য খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অঞ্চলটোৰ সামুদ্ৰিক খণ্ডত মূল্য উন্মুক্ত কৰাৰ লগতে বাণিজ্যিক সম্ভাৱনা বৃদ্ধি কৰাৰ বাবে সকলো অংশীদাৰৰ মাজত অধিক সহযোগিতাৰ আহ্বান জনায়।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে উল্লেখ কৰে যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতৰ পূব অঞ্চলৰ লগতে ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু নেপালৰ দৰে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ বিকাশৰ সৰ্বাধিক সম্ভাৱনা প্ৰাপ্ত কৰিবলৈ এক্ট ইষ্ট নীতিক অধিক ত্বৰান্বিত কৰিবলৈ গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। বৈঠকত ছেইল, টাটা ষ্টীল, আইঅ’চি, হলদিয়া পেট্ৰ’কেমিকেলছ্ লিমিটেড, বিপিচিএল, জিন্দাল ষ্টীল, এম.এ.ই.আৰ.এছ.কে. শ্বিপিং লাইনছ্ আদিৰ দৰে কৰ্প’ৰেট জগতৰ জ্যেষ্ঠ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত আমাৰ চৰকাৰৰ এক্ট ইষ্ট নীতিয়ে অভূতপূৰ্ব গতি লাভ কৰিছে, যাৰ ফলত পূব ভাৰত তথা দক্ষিণ-পূব এছিয়া অঞ্চলটোত উন্নয়নৰ এক নতুন যুগৰ সূচনা হৈছে। প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন হৈছে লজিষ্টিক দিশবোৰৰ উন্নতি সাধন কৰা আৰু আকৰ্ষণীয় ব্যৱসায়িক সম্ভাৱনা উন্মুক্ত কৰাৰ এক অভিনৱ পদক্ষেপ। সামুদ্ৰিক খণ্ডৰ লগতে অভ্যন্তৰীণ জলপথ খণ্ড হৈছে পৰিবহণৰ জৰিয়তে পৰিৱৰ্তনৰ মুখ্য কাৰক যিয়ে ব্যয়সাপেক্ষ, বহনক্ষম আৰু দক্ষ পদ্ধতিৰ জৰিয়তে কাৰ্গ’ চলাচল ত্বৰান্বিত কৰিব পাৰে। এই গুৰুত্বপূৰ্ণ যাত্ৰাত আমি অংশীদাৰসকলৰ লগতে সহযোগী দেশসমূহৰ সক্ৰিয় সমৰ্থন আৰু দ্ৰুত সহযোগিতা কামনা কৰিছোঁ।”

বৈঠকত আলোচনা কৰা কেইটামান গুৰুত্বপূৰ্ণ বিষয় হৈছে বাংলাদেশ,উত্তৰ-পূব ভাৰত, ম্যানমাৰৰ মাজেৰে কাৰ্গ’ৰ পৰিবহণ ত্বৰান্বিত কৰাৰ বাবে ৰাষ্ট্ৰীয় জলপথ ১ অৰ্থাৎ গংগা আৰু ২ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ জলপথছোৱাৰ পুনৰুজ্জীৱিতকৰণত ভাৰত চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান, যাতে উত্তৰ-পূৰ্বাঞ্চলত বাণিজ্যৰ সম্ভাৱনীয়তা বৃদ্ধি হয় আৰু কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু বাংলাদেশৰ বিভিন্ন বন্দৰ (চিটাগং, মংলা আদি)ৰ মাজত সা-সামগ্ৰীৰ চলাচলৰ সুবিধাৰ জৰিয়তে বাংলাদেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী হয়। কালাদান মাল্টিম’ডেল ট্ৰান্সিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পৰ অংশ হিচাপে ম্যানমাৰৰ চিটৱে বন্দৰৰ সৈতে সহযোগিতা বৃদ্ধি, মিজোৰাম হৈ উত্তৰ-পূব ভাৰতলৈ কাৰ্গ’ পৰিবহণ বৃদ্ধি; পিপিপি মোডৰ জৰিয়তে শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ ক্ষমতা বৃদ্ধি আদি গুৰুত্বপূৰ্ণ বিষয়বোৰো আজি আলোচনা কৰা হয়।

সৰ্বানন্দ সোণোৱালে কয়, “এক্ট ইষ্ট নীতি কেৱল ভাৰতৰ পূব অংশৰ বাবেই নহয়, বাংলাদেশ, ভূটান, নেপাল আৰু ম্যানমাৰৰ বাণিজ্য বৃদ্ধি তথা ভাৰতৰ সৈতে এই দেশসমূহৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ দিশতো ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ’ব। বাৰাণসীৰপৰা বাংলাদেশ হৈ ডিব্ৰুগড়লৈ ভ্ৰমণ কৰা গংগা বিলাসৰ অভূতপূৰ্ব সফলতাই দক্ষিণ এছিয়া অঞ্চলত নদী পৰ্যটনৰ সমৃদ্ধ সম্ভাৱনাৰ সাৰ্থকতা বৃদ্ধি কৰিছে। ইয়ে আমাৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যৰো প্ৰদৰ্শন কৰিছে। একেদৰে, আমি ম্যানমাৰৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চিটৱে বন্দৰত সফলতাৰে অভিযান আৰম্ভ কৰিছোঁ যিয়ে উত্তৰ-পূব ভাৰতৰ লগতে ভূটান আৰু বাংলাদেশৰ বাবে এক নতুন পথ মুকলি কৰিব। আমি সমগ্ৰ অঞ্চলটোত সামুদ্ৰিক খণ্ডৰ বিকাশৰ প্ৰতি দায়বদ্ধ হৈ আছোঁ আৰু অঞ্চলটোৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আমাৰ নদীকেন্দ্ৰিক প্ৰণালীৰ সমৃদ্ধ আন্তঃনেটৱৰ্ক ব্যৱহাৰ কৰি জল পৰিবহণ ব্যৱস্থা শক্তিশালী কৰি আছোঁ। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ’ৰ দৃষ্টিভংগী প্ৰকৃতাৰ্থতে প্ৰতিফলন হ’ব।”

ইণ্ডো-বাংলাদেশ প্ৰট’কল জলপথ/কালাদান মাল্টিম’ডেল ট্ৰান্সিট ট্ৰান্সপ’ৰ্ট প্ৰকল্প পথৰ জৰিয়তে গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাধ্যমেৰে অভ্যন্তৰীণ জল পৰিবহণৰ বৰ্ধিত ব্যৱহাৰ সন্দৰ্ভত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, সহযোগী অংশীদাৰসকলৰ সৈতে আলোচনা অনুষ্ঠিত হয়। ইয়াৰ পাছতে ভাৰতৰ চুবুৰীয়া দেশসমূহৰ (নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ) কনছুল জেনেৰেলসকলৰ সৈতে মন্ত্ৰীসকলৰ এক মত বিনিময় বৈঠক অনুষ্ঠিত হয়। ২০১৩-১৪ বৰ্ষৰপৰা শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰৰ জৰিয়তে বাণিজ্যৰ বিকাশত লোৱা সক্ৰিয় ভূমিকাৰ বাবে আৰু বহুমুখী পদক্ষেপৰদ্বাৰা নিৰন্তৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো অংশীদাৰক প্ৰশংসা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।