গুৱাহাটী, ৪ জুন, ২০২৩ : গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ছিনিয়ৰ এথলেটিকছ (Senior Athletic Championship) চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ সামৰণি। ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপপ্ৰ তিযোগিতাত শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন গুৱাহাটীৰ, দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ অর্জন কৰিলে উত্তৰ পূব ৰে’লৱে।

অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেওবাৰে (৪ জুন) অনুষ্ঠিত হয় ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ প্ৰতিযোগিতা। ৰাজ্যৰ ২৫ খন জিলাৰ ছিনিয়ৰ পৰ্যায়ৰ পুৰুষ-মহিলা উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ১৫০ তকৈ অধিক এথলীটে অংশগ্ৰহণ কৰে। পুৱা ১০০০০ মিটাৰ দৌৰেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

প্ৰতিযোগিতত ভিন্ন ইভেন্টৰ বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে। উদ্বোধক গীতাৰ্থ গোস্বামীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আদৰণি ভাষন আগবঢ়াই অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰে। আনহাতে প্ৰতিযোগিতাখনত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে গুৱাহাটীয়ে শ্ৰেষ্ঠ দল আৰু উত্তৰ পূব ৰে’লৱে দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে।

প্ৰতিযোগিতাখনত পুৰুষ শাখাত মাধূৰ্য শইকীয়াই আৰু মহিলা শাখাত দিক্ষা চেত্ৰীয়ে শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে। দেওবাৰে প্ৰতিযোগিতাখনৰ সামৰণিৰ বিশেষ অনুষ্ঠানত মুখ্য অতিথিৰ লগতে উপস্থিত থাকে অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভড়ালী, প্ৰাক্তন এথলীট তৈবুনিছা আৰু অসম এথলেটিকছ সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি ঋতুবৰন শৰ্মাৰ লগতে অসম এথলেটিকছ সন্থাৰ বিষয়-ববীয়াসকল।