গৌৰীপুৰ, ২৯ জুলাই, ২০২৩ : ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে যাত্ৰীবাহী অটো। অটো চালকসহ নিহত দুজন (Two Killed In A Road Accident)। গুৰুত্বৰভাৱে আহত দুজন চিকিৎসালয়ত ভৰ্তি। নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগী ট্ৰাকখনে যাত্ৰীবাহী অটোখনক মহতিয়াই নিয়ে। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

শনিবাৰে পুৱাৰ ভাগত এক ভয়ংকৰ পথ দুর্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে। পথৰ কাষত ৰাখি থকা দুখন যাত্ৰীবাহী অটোক মহতিয়াই নিয়ে এখন তীব্ৰ বেগী ট্ৰাকে। এই ভয়ংকৰ পথ দুর্ঘটনাত এখন অটোৰ চালক থিতাতে নিহত হোৱাৰ লগতে অটোখনত থকা তিনিজনকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত হয়। আহত তিনিওজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদি এজন লোকৰ চিকিৎসালয়ত মৃত্যু হয়।

এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাত নয়াহাটত। পুৱা প্ৰায় ৭.৩০ বজাত ধুবুৰী দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰাখি থকা দুখন অটোত খুন্দা মাৰি অটো দুখন মহতিয়াই নিয়ে। ফলত এখন অটোৰ চালক আব্দুল আজিজ থিতাতে নিহত হয়। নিহত অটো চালক আব্দুল আজিজৰ ঘৰ বগৰীবাৰী অঞ্চলৰ বানিয়ামাৰীত। এই ভয়ংকৰ পথ দুর্ঘটনাত অটোখনৰ তিনিজকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত হয়।

আহত সকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বিলাসীপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিলাসীপাৰা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আন এজন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজন নয়াহাটৰ বৰকান্দাৰ ঝোমৰ আলী বুলি জানিব পৰা গৈছে। পথ দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত নয়াহাট আৰক্ষী লোক উপস্থিত হৈ দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।

দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এএছ-১৭চি-৫৪৮৭ আৰু অটোখনৰ নম্বৰ হৈছে এএছ-১৭চি-৩০৭৪ আৰু এএছ-১৭চি-০৩৯১। দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। পুৱাৰ ভাগতে নয়াহাট আৰক্ষী চকীৰ নিচেই সমীপতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত দুজনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।