গুৱাহাটী, ১৬ নবেম্বৰ : অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ (Challenge)। মহোৎসৱৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত এই তথ্যচিত্ৰখন।
উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮ খন তথ্যচিত্ৰই এই প্ৰতিযোগিতামূলক তথ্যচিত্ৰৰ শাখাৰ বাবে মহোৎসৱৰ অফিচিয়েল চিলেকছন লাভ কৰিছে। এই ৮ খন তথ্যচিত্ৰৰ মাজত অসমৰ একমাত্ৰ তথ্যচিত্ৰ হিচাপে নিৰ্বাচিত হৈছে ‘চেলেঞ্জ’। ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই। তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই।
চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ। ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে। সম্পাদনা ৰমেন বৰাৰ। ডি আই কালাৰ ৰতন শীলৰ। তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে। এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বাৰে। বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীকলৈ।নিৰ্মাণ কৰা হৈছে তথ্যচিত্ৰখন।
বিশেষভাৱে সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৬ মিণিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’। দেশৰ তৃতীয় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ ‘চেলেঞ্জ’ৰ উপৰি নিৰ্বাচিত হৈছে আন সাতখন তথ্যচিত্ৰ।
এই সাতখন তথ্যচিত্ৰ হৈছে সৌৰভ চাৰেংগীৰ ‘টাইগাৰ আৰ্মী’, বিন্দু নায়াৰৰ ‘ফ’ৰ্জ্ড ইন ফায়াৰ’, বিশাল পি চলিহাৰ ‘চামডে’, শুভ দাস মল্লিকৰ ‘নৱজাগৰণেৰ গান’, হাইদৰ খানৰ ‘লেংগুৰ’, অভিজিৎ চক্ৰৱৰ্তীৰ ‘চবৰ-অৰণ্যেৰ অন্ন কথা’ আৰু সুষমা মিলিন্দ কুভলেকাৰৰ ‘দ্য ডিভাইন হাৰ্ট’। পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰীমিয়াৰ হিচাপেও প্ৰদৰ্শিত হ’ব ‘চেলেঞ্জ’।