Child Marriage : বাল্য বিবাহ কৰিলে জ্যেষ্ঠ পুত্ৰই, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে কনিষ্ঠ পুত্ৰক

In ৰাজ্য
Umra Package

গুৱাহাটী : চৰকাৰৰ বাল্য বিবাহ (Child Marriage) বিৰোধী অভিযানৰ ফলত ৰাজ্যত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। বাল্য বিবাহৰ লগত জড়িত বহু লোক এতিয়া কাৰাগাৰত। আৰক্ষীৰ অভিযান তীব্ৰ গতিত চলি আছে। বহু ঘৰৰ একমাত্ৰ উপার্জনকাৰী গ্ৰেপ্তাৰ হোৱাত আৰ্থিক সংকটত পৰিছে পৰিয়াল কেইটা।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বহু লোকক। বহু ক্ষেত্ৰত আৰক্ষীয়ে বাল্য বিবাহ কৰোৱা স্বামীক নাপাই গ্ৰেপ্তাৰ কৰিছে পৰিয়ালৰ অন্য লোকক। গৰৈমাৰীৰ হাতীপাৰাৰ কেইবাটাও পৰিয়ালৰ মূল অভিযুক্তৰ পৰিবৰ্তে পৰিয়ালৰ অন্য লোকক গ্ৰেপ্তাৰ কৰাত পৰিয়াল কেইটাৰ মাজত হাহাকাৰ লাগিছে। ছাইৰা বানু নামৰ এগৰাকী মহিলাৰ জ্যেষ্ঠ পুত্ৰ ছাইদুল ইছলামে দুবছৰ পূৰ্বে এগৰাকী কিশোৰীৰ লগত প্ৰেম বিবাহত আৱদ্ধ হৈছিল।

যোৱা ৩ ফেব্ৰুৱাৰীৰ নিশা আৰক্ষীয়ে বাল্য বিবাহ বিৰোধী অভিযান চলাই ছাইৰা বানুৰ ঘৰত উপস্থিত হৈ জ্যেষ্ঠ পুত্ৰ ছাইদুল ইছলামক নাপাই গ্ৰেপ্তাৰ কৰিলে কনিষ্ঠ পুত্ৰ ইউনুছ আলীক। ছাইৰা বানুৱে জানিবলৈ দিয়ে যে বাল্য বিবাহত আৱদ্ধ হোৱাৰ পিছৰে পৰা জ্যেষ্ঠ পুত্ৰ ছাইদুল ইছলাম বেলেগে থাকে। কনিষ্ঠ পুত্ৰ ইউনুছ আলী ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী কাৰাগাৰত থাকিব লগীয়া হোৱাৰ বাবে বর্তমান ঘৰখন আৰ্থিক সংকটত পৰিছে। ছাইৰা বানুৰ স্বামীও মানসিকভাৱে দুৰ্বল।

ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী কনিষ্ঠ পুত্ৰক কাৰাগৰৰ পৰা মুকলি কৰি আনিবলৈ ছাইৰা বানুৰ হাতত নাই ধন ফলত হাহাকাৰ কৰিব লগীয়া হৈছে ছাইৰা বানু। একে পৰিস্থিতি গাঁওখনৰ ছুমাৰী নেচা নামৰ মহিলা গৰাকীৰ। ছুমাৰী নেচাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আৰু মাজু পুত্ৰ অবিবাহিত কিন্তু কনিষ্ঠ পুত্ৰ ছফিকুল ইছলামে ২০২১ বৰ্ষত ১৫ বছৰীয়া এগৰাকী কিশোৰীৰ লগত প্ৰেম বিবাহত আৱদ্ধ হৈছিল। ৩ ফেব্ৰুৱাৰীৰ নিশা আৰক্ষীয়ে ছফিকুল ইছলামক ঘৰত নাপাই গ্ৰেপ্তাৰ কৰিলে ছুমাৰী নেচাৰ ঠেলা চালক স্বামী দানেছ আলীক।

স্বামী গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ছুমাৰী নেচাই কেৱল কান্দিছে আৰু কান্দিছে। ছুমাৰী নেচাৰ কনিষ্ঠ পুত্ৰও বাল্য বিবাহৰ পিছৰে পৰা পৰা পত্নীসহ বেলেগে থাকে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। শুকুৰ আলী নামৰ এজন সদস্যই জানিবলৈ দিয়ে যে অতি দুখীয়া পৰিয়ালটোৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে। মহিলা গৰাকীৰ কনিষ্ঠ পুত্ৰই বিবাহ কৰোৱা কিশোৰী গৰাকী নিজে মহিলা গৰাকীৰ ঘৰত উপস্থিত হৈছিল যদিও মহিলা গৰাকীৰ পৰিয়ালৰ লোকে কিশোৰী গৰাকীক পিতৃ গৃহলৈ উভতাই পঠাইছিল।

পৰৱৰ্তী সময়ত মহিলা গৰাকীৰ কনিষ্ঠ পুত্ৰ ছফিকুল ইছলামে কিশোৰী গৰাকীৰ লগত পলাই বিবাহপাসত আৱদ্ধ হৈছিল আৰু তেতিয়াৰে পৰা স্বামী-স্ত্ৰী দুয়ো তেওঁলোকৰ ঘৰত অহা নাই। উল্লেখ্য বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত বৰ্তমানলৈকে ৪ হাজাৰতকৈও অধিক গোচৰ ৰুজু কৰা হৈছে আৰু বাল্য বিবাহৰ লগত জড়িত ২৪০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বাল্য বিবাহৰ লগত জড়িত থকাৰ আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu