Teenage Pregnancy : ৰাজ্যত ১৯ বছৰতকৈ কাম বয়সৰ ১,০৪,২৬৪ গৰাকী মহিলা গৰ্ভৱতী হৈছিল ২০২২ বৰ্ষত

In ৰাজ্য
Umra Package

গুৱাহাটী : ১৯ বছৰতকৈ কম বয়সৰ মহিলা গৰ্ভৱতী (Teenage Pregnancy) হোৱাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ২০২২ বৰ্ষত অসমত কম বয়সতে মাতৃত্বৰ বোজা লোৱা কিশোৰীৰ পৰিসংখ্যা ১৬.৮ শতাংশ। ৰাজ্যত ১৯ বছৰতকৈ কাম বয়সৰ ১,০৪,২৬৪ গৰাকী মহিলা গৰ্ভৱতী হৈছিল ২০২২ বৰ্ষত। মুখ্যমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰিছে এই পৰিসংখ্যা।

বাল্য বিবাহ এক সামাজিক ব্যাধি। বাল্য বিবাহ কৰ্কট ৰোগৰ দৰে। সমাজৰ পৰা এই ৰোগ নিৰ্মূল কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বাল্য বিবাহ কৰোৱা সকলৰ লগতে বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত ৰুজু কৰা হৈছে ৪ হাজাৰতকৈও অধিক গোচৰ।

এই গোচৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ২ হাজাৰতকৈও অধিক লোকক। বাল্য বিবাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলি থকাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। ২০২২ বৰ্ষত ৰাজ্যত কিশোৰী অৱস্থাতে মাতৃত্বৰ বোজা লবলৈ বাধ্য হোৱা কিশোৰীৰ পৰিসংখ্যা। ২০২২ বৰ্ষৰ এই ভয়ংকৰ পৰিসংখ্যা হৈছে ১৬.৮ শতাংশ।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ৰাজ্যত ১৯ বছৰতকৈ কাম বয়সৰ ১,০৪,২৬৪ গৰাকী মহিলা গৰ্ভৱতী হৈছিল ২০২২ বৰ্ষত। এই ক্ষেত্ৰত শীৰ্ষত আছে বৰপেটা জিলা। ২০২২ বৰ্ষত বৰপেটা জিলাত পঞ্জীয়ন হৈছে ১১,৬৫৮ গৰাকী ১৯ বছৰতকৈ কম বয়সৰ গৰ্ভৱতী মাতৃৰ নাম। বৰপেটাৰ পিছতে আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলা। জিলা দুখনত ১৪,৪৩৮ গৰাকী ১৯ বছৰতকৈ কম বয়সৰ মাতৃৰ নাম পঞ্জীয়ন হৈ আছে।

বৰপেটা, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পিছতে আছে গোৱালপাৰাৰ নাম। গোৱালপাৰাৰ পিছত স্থান আছে বঙাইগাঁও জিলাৰ। কম বয়সতে মাতৃত্বৰ বোজা ল’বলৈ বাধ্য হোৱা তালিকাখনত কামৰূপ মহানগৰ জিলাৰ নামো আছে। কামৰূপ মহানগৰ জিলাৰ সংখ্যা হৈছে ১৯৪৩। মুখ্যমন্ত্ৰীয়ে এই সংখ্যকলৈ উদ্বেগ প্ৰকাশ কৰি অনাগত দিনত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰাৰো ইংগিত দিয়ে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu