মুকালমুৱা : সোণালী ভৱিষ্যতৰ সপোনৰ এজাক শিশুৰ চকুত। সোণালী ভৱিষ্যতৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ চেষ্টাত এজাক শিশু। টুলুঙা নাৱৰে সোণালী ভৱিষ্যতৰ দিশে যাত্ৰা কৰিছে এজাক শিশুৱে

হাজাৰ বাধাকো নেওচি নলবাৰী জিলাৰ মুকালমুৱাৰ কালাৰদিয়াত এজাক শিশুৰ আদিপাঠ গ্ৰহণ। শিক্ষা গ্ৰহণৰ দুৰন্ত হেপাহ মনত লৈ বিপদসংকুলভাৱে টুলুঙা নাৱৰে যাত্ৰা কৰি প্ৰতিদিনে শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়ত উপস্থিত হয় শিশু সকল।

পিঠিত কিতাপৰ বেগ লৈ ভৱিষ্যত গঢ়াৰ সপোন লৈ টুলুঙা নাৱৰে বিদ্যালয়লৈ যাত্ৰা কৰে শিশু সকল। উদ্দেশ্য এটাই পঢ়ি শুনি এজন ভাল মানুহ হোৱা।মুকালমুৱাৰ সমীপতে বহ্মপুত্ৰ নৈৰ দাঁতিত অৱস্থিত কালাৰদিয়া প্ৰাথমিক বিদ্যালয়লৈ প্ৰৰিদিনে শিশু সকলৰ টুলুঙা নাৱেৰে যাত্রা কৰি উপস্থিত হয়।

বিদ্যালয়খনৰ ৯১ গৰাকী ছাত্ৰ-ছাত্ৰীক তিনিগৰাকী শিক্ষকে দিয়ে পাঠদান। ৰাজ্যত চলি আছে গুণোৎসৱ। তৃতীয় পৰ্যায়ত হ’বলগীয়া গুণোৎসৱৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহৰ সমান্তৰালকৈ কালাৰদিয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা ছাত্র-ছাত্ৰী সকলেও প্ৰস্তুত হৈছে আছে।

কালাৰদিয়া বিদ্যালয়খন ব্ৰহ্মপুত্ৰ নৈৰ এটি সুতিৰ দাঁতিত অৱস্থিত হোৱা বাবে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী সুতিটোৰ আনটো পাৰৰ পৰা আহিব লাগে। কণ কণ ছাত্ৰ-ছাত্ৰী সকলে নিতৌ টুলুঙা নাৱেৰে বহ্মপুত্ৰৰ সুতিঁটো বিপদসংকুলভাৱে পাৰ হৈ উপস্থিত হয় বিদ্যালয়খনত।

হাজাৰ বাধাকো নেওচি বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ত উপস্থিত হয় শিক্ষা গ্ৰহণ কৰিবলৈ। চৰকাৰে এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক সকলৰ যাতায়তৰ বাবে
কিবা এটা ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক সকলে।