গৰৈমাৰী : বিদ্যালয়ত এগৰাকী শিক্ষক নাপিতৰ ৰূপত। শ্রেণীকোঠাত পাঠদনৰ পৰিবৰ্তে শিক্ষকে কাটিলে শিক্ষাৰ্থীৰ চুলি। দুগৰাকী শিক্ষাৰ্থীত চুলি কাটি শিক্ষক পৰিলে ৰাইজৰ ৰোষত। শিক্ষক গৰাকীৰ কাণ্ডত সৃষ্টি হৈছে উত্তপ্ত পতিস্থিতিৰ।

দক্ষিণ কামৰূপৰ গৰৈমাৰীত এখন বিদ্যালয়ৰ শিক্ষক এতিয়া নাপিতৰ ৰূপত। বিদ্যালয়লৈ আহি শ্রেণীকোঠাত শিক্ষাৰ্থীক পাঠদান কৰাৰ পৰিবৰ্তে শিক্ষক গৰাকী ব্যস্ত শিক্ষাৰ্থীত চুলি কটাত। দুগৰাকীকৈ শিক্ষাৰ্থীত চুলি কাটি ৰাইজৰ ৰোষত পৰিছে শিক্ষক ছামচুল আলম।

ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ২ নং টুক্ৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ছামচুল আলমে বুধবাৰে বিদ্যালয়লৈ আহি দুগৰাকী শিক্ষাৰ্থীৰ চুলি কাটি দিয়াত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মাজত হোৱা এক কাজিয়াৰ বাবেই শিক্ষক গৰাকীয়ে দুগৰাকী শিক্ষাৰ্থীৰ চুলি কাটি দিয়ে।

শিক্ষক গৰাকীৰ এই কাণ্ডত ক্ষোভিত হৈ উঠিছে শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱকৰ লগতে স্থানীয় ৰাইজ। উদণ্ড স্বভাৱৰ শিক্ষক ছামচুল আলমে পুৰ্বেও এনে বহু জঘন্য কাণ্ড সংঘটিত কৰা বুলি ৰাইজে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। ক্ষোভিত ৰাইজে শিক্ষক গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই পৰিস্থিতি উত্তপ্ত কৰি তোলে।