নিউজ ডেস্ক, ২৫ মে’, ২০২৪ : ৰে’ল যাত্ৰাৰ সময়ত উন্নত যাত্ৰী সা-সুবিধা আৰু আৰাম প্ৰদান সুনিশ্চিত কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেই কেইবাটাও ৰে’ল ষ্টেচন চৌহদ আৰু অনব’ৰ্ড ৰে’লত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। এই গ্ৰীষ্মকালত তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে, উত্তৰ পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলক হাইড্ৰেচনৰ অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই সংমণ্ডলৰ ভিতৰত থকা এলেকাসমূহৰ কেইবাটাও মুখ্য ৰে’ল ষ্টেচনত ৱাটাৰ ভেণ্ডিং মেচিন (WVM)), ৱাটাৰ কুলাৰ আৰু ৱাটাৰ টেপৰ উপলব্ধতা নিশ্চিত কৰিছে।

তদুপৰি, মনোনীত ষ্টেচনসমূহত নিয়মীয়া ব্যৱধানত বা প্ৰয়োজন অনুসৰি কুইক ৱাটাৰিং চিষ্টেম পদ্ধতি ব্যৱহাৰ কৰি সকলো দীৰ্ঘ দূৰত্বৰ ৰে’লত পানী পুনৰ ভৰোৱা কাৰ্য নিশ্চিতকৰণ কৰা হৈ আছে।এই প্ৰখৰ গ্ৰীষ্মকালত এক সক্ৰিয় পদক্ষেপ গ্ৰহণেৰে, উত্তৰ পূব সীমান্ত ৰে’লৱেই কেইবাটাও মুখ্য ষ্টেচনৰ প্লেটফৰ্মত ১০০ টাতকৈ অধিক ৱাটাৰ ভেণ্ডিং মেচিনৰ সেৱা আগবঢ়াই আছে যাৰ ভিতৰত কাটিহাৰ জংচন, নিউ জলপাইগুড়ী, ৰায়গঞ্জ, ছামসী, নিউ কোচবিহাৰ, কোকৰাঝাৰ, হাছিমাৰা আৰু বহুতো ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে। এই স্থাপন কৰা ৱাটাৰ ভেণ্ডি মেচিনসমূহে বটলত আৰু বহনযোগ্য পাত্ৰত ভৰোৱাৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্যসন্মত পানী প্ৰদান কৰে।

এই মেচিনসমূহৰ জৰিয়তে যাত্ৰীসকলে উচিত মূল্যত খোৱা পানী ক্ৰয় কৰিব পাৰিব। এই সুবিধাটো চব্বিশ ঘণ্টাই ষ্টেচনত উপলব্ধ থাকিব। যাত্ৰীসকলে ৰিফিলিংৰ বাবে মাত্ৰ ৫ টকা আৰু এক লিটাৰৰ কঢ়িয়াই নিব পৰা কন্টেইনাৰ বটলৰ বাবে ৮ টকাত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী কিনিব পাৰিব। একেদৰে, ৫ লিটাৰ পানীৰ ক্ষমতাসম্পন্ন বটলসমূহৰ ৰিফিলৰ বাবে ২০ টকা আৰু কঢ়িয়াই নিয়া পাত্ৰসহ পানীৰ ব্যয় ২৫ টকা। ৱাটাৰ ভেণ্ডিং মেচিনসমূহৰ উপৰিও, প্ৰয়োজনীয়তা অনুসৰি যাত্ৰীৰ বাবে বিনামূলীয়া ঠাণ্ডা খোৱা পানীৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে সংমণ্ডলটোৰ সকলো ষ্টেচনতে প্লেটফৰ্মসমূহৰ নিৰ্ধাৰিত দূৰত্বত পৰ্যাপ্ত সংখ্যক ৱাটাৰ কুলাৰ, পানীৰ টেপ আৰু টিউবৱেল কাৰ্যকৰী হৈ আছে।

প্ৰায় ১২৬ টা ৱাটাৰ কুলাৰ, ৮০১৫ টা টেপ আৰু ৪৯৪ টা টিউবৱেল ষ্টেচন প্লেটফৰ্মসমূহত যাত্ৰীসকলৰ চাহিদাৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে যথোপযুক্ত স্থানত আছে।ষ্টেচন আৰু ৰে’লত যাত্ৰীসকলক খোৱা পানী যোগান ধৰাৰ এই সমন্বিত প্ৰচেষ্টাই হাইড্ৰেচন বৃদ্ধি কৰাৰ উপৰিও যাত্ৰীসকলৰ বাবে সামগ্ৰিক ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধি কৰিব। উত্তৰ পূব সীমান্ত ৰে’লৱেই প্ৰতিকূল বতৰৰ পৰিস্থিতিতো সদায়ে যাত্ৰীৰ কল্যাণ আৰু আৰামক অগ্ৰাধিকাৰ দিয়া পদক্ষেপ সমূহ ৰূপায়ণৰ বাবে একনিষ্ঠভাৱে কাম কৰি আছে।