গুৱাহাটী, ১১ মে’ : ৰাজ্যত বহুবিবাহ ৰোধ (To stop polygamy) কৰাৰ উদ্দেশ্যে আইন প্ৰণয়ন কৰিবলৈ বিশেষজ্ঞ সমিতি গঠন। এই বিশেষজ্ঞ সমিতিখনত আছে চাৰিজনকৈ সদস্য। সমিতিখনত অধ্যক্ষ হিচাপে থাকিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকন। সমিতিখনত আছে অসমৰ মহাধিবক্তা দেৱজিত শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলি আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান।

ৰাজ্যত বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে (৯ মে’) ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুবছৰ সম্পূৰ্ণ কৰা উপলক্ষে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বহুবিবাহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিছিল।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল “অসম চৰকাৰে এক বিশেষজ্ঞ সমিতি গঠন কৰি তদন্ত লোৱাৰ সিদ্ধান্ত লৈছে যে ৰাজ্য চৰকাৰৰ বহুবিবাহ নিষিদ্ধ কৰাৰ কৰ্তৃত্ব আছে নে নাই।” এই সমিতিখনে ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ বাবে ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ সম্পৰ্কত “ভাৰতীয় সংবিধানৰ ২৫ নং অনুচ্ছেদৰ সৈতে মুছলিম পাৰ্চনেল ল’ (শ্বৰিয়ত) এক্ট, ১৯৩৭ ৰ বিধানসমূহ তন্ন তন্নকৈ পৰীক্ষা কৰিব। মঙলবাৰে (৯ মে’) মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৃহস্পতিবাৰে (১১ মে’) গঠন কৰা হয় সমিতিখন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে বহুবিবাহ ৰোধ কৰাৰ বাবে বিশেষজ্ঞ সমিতিখন গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। এই বিশেষজ্ঞ সমিতিখনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰুমী ফুকনক অধ্যক্ষ হিচাপে ৰখা হৈছে। সমিতিখনত অসমৰ মহাধিবক্তা দেৱজিত শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলিন কোহলি আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান আছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই বিশেষজ্ঞ সমিতিখনে ৬০ দিনৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও টুইটত উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

এই বিশেষজ্ঞ সমিতিখনে আইনী বিশেষজ্ঞকে ধৰি সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনা কৰি এক সু-অৱগত সিদ্ধান্তত উপনীত হ’ব। বিশেষজ্ঞ সমিতিখনত মুছলমান পণ্ডিতসকলো অন্তৰ্ভুক্ত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মঙলবাৰে (৯ মে’) সাংবাদিকক জানিবলৈ দিছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল বিশেষজ্ঞ সমিতি গঠন কৰি ইয়াক আইনত পৰিণত কৰা হ’ব আৰু বহুবিবাহৰ ওপৰত নিষেধাজ্ঞা আইনগত ব্যৱস্থাৰ জৰিয়তে হ’ব। বহুবিবাহত লিপ্ত হোৱা ব্যক্তিক ধৰ্ম নিৰ্বিশেষে দমন কৰা হ’ব।