নিউজ ডেস্ক, ১১ মে’ : আধুনিক আৰু পৰম্পৰাগত দুয়োটাৰে একত্ৰিত স্বাস্থ্য গৱেষণাৰ প্ৰচাৰ আৰু সহযোগিতাৰ বাবে আয়ুষ মন্ত্ৰালয় (Ayush Ministry) আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মাজত স্বাক্ষৰিত হৈছে এখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি। কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ সম্পন্ন হয়।

এই পাৰস্পৰিক সহযোগিতাই আধুনিক বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে প্ৰমাণ আধাৰিত উচ্চখাপৰ গৱেষণাৰ প্ৰসাৰক ত্বৰান্বিত কৰিব আৰু আধুনিক তথা পৰম্পৰাগত দুয়োটা স্বাস্থ্যসেৱা প্ৰণালীৰ মাজত সমন্বয় সাধন কৰিব। তদুপৰি, এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে আয়ুষ গৱেষকসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচা আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ সঞ্চালক প্ৰধান ৰাজীৱ বহেলে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰৱীণ পাৱাৰ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণ, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, নিটি আয়োগৰ সদস্য ভি কে পাল প্ৰমুখ্যে দুয়োটা মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত থাকে।

এই উপলক্ষে সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱজাতিৰ হিতৰ বাবে পৰম্পৰাগত আৰু আধুনিক দুয়োধৰণৰ ঔষধৰ লাভালাভ একত্ৰিত কৰিবলৈ আমাক নিৰ্দেশনা দিছিল। ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ সহযোগিতাৰ জৰিয়তে আয়ুষ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই দিশত এক সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ পৰম্পৰাগত ঔষধ প্ৰণালীয়ে বৈজ্ঞানিক প্ৰমাণ সৃষ্টিৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। সমন্বিত চিকিৎসা গৱেষণা সহযোগিতা হৈছে এই প্ৰত্যাহ্বানৰ সমাধানসূত্ৰ উলিয়াই দেশবাসীক এক শক্তিশালী স্বাস্থ্যসেৱাৰ বাতাৱৰণ প্ৰদান কৰাৰ এক অভিনৱ পদক্ষেপ। ইয়াৰ জৰিয়তে জনসাধাৰণ যথেষ্ট লাভান্বিত হ’ব।” 

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই কয়, “আয়ুৰ্বেদ হৈছে আমাৰ পুৰণি জ্ঞান আৰু ঐতিহ্য-পৰম্পৰাৰ এক মেটমৰা সম্ভাৰ। আধুনিক ঔষধে আজি নিজৰ বাবে ইতিমধ্যে এক সুকীয়া স্থান সৃষ্টি কৰিছে। আধুনিক আৰু পৰম্পৰাগত দুয়োটা চিকিৎসা প্ৰণালীৰ মাজত সমন্বয় সাধনৰ বাবে কৰা এই বুজাবুজিৰ চুক্তিয়ে পৰম্পৰাগত ঔষধীয় জ্ঞানক এক নতুন মাত্ৰা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে আমি আয়ুৰ্বেদক প্ৰমাণ আধাৰিত বিজ্ঞান হিচাপে অধিক বিকাশ কৰিবলৈ সক্ষম হ’ম। আয়ুষ চিকিৎসা প্ৰণালীক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত এই বুজাবুজিৰ চুক্তি অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।” এই বুজাবুজিৰ চুক্তিয়ে দুয়োপক্ষক সহপুঁজিৰে সকলো এইমছত ‘সমন্বিত স্বাস্থ্যসেৱাত অত্যাধুনিক গৱেষণাৰ আয়ুষ-আইচিএমআৰ কেন্দ্ৰ’ স্থাপন কৰিবলৈ সহায় কৰিব।

লগতে, তেওঁলোকে জনস্বাস্থ্য গৱেষণাৰ সন্দৰ্ভত কাম কৰাৰ সম্ভাৱনা অন্বেষণ কৰিব, গুৰুত্বপূৰ্ণ ৰোগবোৰৰ আৰোগ্যৰ বাবে যাৱতীয় পদক্ষেপ ল’ব আৰু আয়ুষ প্ৰণালীৰ প্ৰতিশ্ৰুতিপূৰ্ণ চিকিৎসাৰ বাবে যুটীয়াভাৱে উচ্চ মানৰ নিদানিক পৰীক্ষণ কৰাৰ সম্ভাৱনাবোৰ চালি-জাৰি চাব, যাতে ব্যাপক গ্ৰহণযোগ্যতাৰ বাবে প্ৰমাণ সৃষ্টি হয়।আয়ুষ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মাজত অধিক সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু ড° মনসুখ মাণ্ডৱিয়াৰ যুটীয়া অধ্যক্ষতাত পঞ্চম আন্তঃমন্ত্ৰালয় বৈঠকো অনুষ্ঠিত হয়। এই বৈঠকত সমন্বয় আৰু সহযোগিতা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰা হয় আৰু দুয়োটা মন্ত্ৰালয়ে বহুতো গুৰুত্বপূৰ্ণ বিষয়ত একেলগে কাম কৰি যোৱাৰ বাবে সহমতত উপনীত হয়।