গোৱালপাৰা, ১২ মে’ : চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হোৱা এগৰাকী মহিলাৰ মৃত্যু (One Lady died)। আদ্যশ্ৰাদ্ধত চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হৈছিল বহু লোক। চালানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হোৱা সকলৰ ভিতৰত ৰেনুবালা এ চাংমা নামৰ এগৰাকী মহিলাৰ নিশা মৃত্যু হয়।

গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত হৈছিল এক বিষক্ৰিয়াৰ ঘটনা। চালানী মাছ খাই খোৱাৰ বাবেই এই বিষক্ৰিয়াৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। এগৰাকী বৃদ্ধাৰ আদ্যশ্ৰাদ্ধৰ ভোজভাত খাই শিশু আৰু মহিলাসহ ৬০ গৰাকী লোক বিষক্ৰিয়াত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে আদ্যশ্ৰাদ্ধত চালানী মাছ খোৱাৰ পিছত ৬০ গৰাকী লোক বিষক্ৰিয়াত আক্রান্ত হয়।

চালানী মাছৰে আদ্যশ্ৰাদ্ধৰ ভোজভাত খাই বিষক্ৰিয়াত আক্রান্ত হোৱা ৬০ গৰাকী লোকৰ ভিতৰত কেইবাগৰকী লোকৰ অৱস্থাত অতিকৈ সংকটজনক আছিল। বিষক্ৰিয়াত আক্রান্ত সকল চিকিৎসাধীন হৈ আছিল গোৱালপাৰা ধূপধৰাৰ বিকালী আদৰ্শ চিকিৎসালয়, ৰংজুলি চিকিৎসালয়ত। কেইগৰাকীমান লোকক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈও প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন সকলৰ ভিতৰত ৰেনুবালা এ চাংমা নামৰ ৫৩ বছৰীয়া মহিলা গৰাকীৰ অৱস্থাত অতিকৈ সংকটজনক হৈ পৰাত বুধবাৰে (১০ মে’) নিশাৰ ভাগতে মহিলা গৰাকীক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

আই চি ইউত থকা ৰেনুবালা এ চাংমা নামৰ মহিলা গৰাকীয়ে অৱশেষত বৃহস্পতিবাৰে (১১ মে’) নিশাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে অতিকৈ সংকটজনক অৱস্থাত থকা তিনি গৰাকী লোক বৰ্তমানেও আই চি ইউচিকিৎসাধীন হৈ আছে। চলানী মাছ খাই বিষক্ৰিয়াত আক্রান্ত হৈ মহিলা গৰাকীৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ধূপধৰাত শোকৰ ছাঁ পেলাইছে। ইফালে চালানী মাছকলৈ অঞ্চটোত আতংকত পৰিৱেশ বিৰাজ কৰিছে।

উল্লেখ্য যে গোৱালপাৰা জিলাৰ ধূপধৰাৰ মৰিয়ামপূৰত আদ্যশ্ৰাদ্ধত চালানী মাছেৰে ভোজভাত খাই বিষক্ৰিয়াত আক্রান্ত হৈছিল ৬০ গৰাকী লোক। ইয়াৰ পিছতে ধূপধৰাত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ। শেহতীয়াকৈ ৰাজ্যত চালানী মাছত ফৰ্মেলীন ধৰা পৰাৰ এক ঘটনা পোহৰলৈ আহিছিল। চালানী মাছত ফৰ্মেলীন ধৰা পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।