কোকৰাঝাৰ : তিনি ধর্ষণকাৰীক ফাঁচীৰ ৰায়দান। কোকৰাঝাৰ বিশেষ আদালতে তিনি ধর্ষণকাৰীক ফাঁচীৰ ৰায়দান দিছে। দুই নাবালিকাক ধর্ষণ কৰি হত্যা কৰিছিল তিনিজনে। আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰি আদৰণি জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।

তিনি ধর্ষণকাৰীক মৃত্যুদণ্ডৰ এক ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে কোকৰাঝাৰ বিশেষ আদালতে। আদালতে মৃত্যুদণ্ড প্ৰদান কৰা তিনি পাষণ্ডই দুগৰাকী নাবালিকাক ধর্ষণ কৰি হত্যা কৰিছিল। কোকৰাঝাৰ জিলাৰ অভয়াকুটিত বিগত বৰ্ষৰ ১০ জুনত তিনি পাষণ্ডই সংঘটিত কৰিছিল এই জঘন্য ঘটনা।

এই জঘন্য ঘটনাই সমগ্ৰ ৰাজ্য কঁপাই গৈছিল। মুজাম্মেল শ্বেখ, নছিবুল আলী শ্বেখ আৰু ফৰিজুল ৰহমান নামৰ তিনি পাষণ্ডই দুগৰাকী নাবালিকাক ধর্ষণ কৰি হত্যা কৰিছিল। অৱশেষত আদালতে মুজাম্মেল শ্বেখ, নছিবুল আলী শ্বেখ আৰু ফৰিজুল ৰহমান নামৰ তিনি পাষণ্ডক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায়দান দিয়ে।

কোকৰাঝাৰ বিশেষ আদালতৰ চি চতুৰ্বেদীৰ আদালতে দুই নাবালিকাৰ ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত মুজাম্মেল শ্বেখ, নছিবুল আলী শ্বেখ আৰু ফৰিজুল ৰহমানক দোষী সাব্যস্ত কৰি ফাঁচীৰ ৰায়দান দিয়ে। এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছত ভুক্তভোগী পৰিয়ালটোক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আদালতৰ ৰায়দানক আদৰণি জনাইছে ভুক্তোভোগী পৰিয়ালটোৰ লগতে অঞ্চলটোৰ ৰাইজে।