কামৰূপ, ৬ অক্টোবৰ, ২০২৩ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) পৰিকল্পনা অনুসৰি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ কামৰূপ জিলাতো অনুষ্ঠিত কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। তৃণমূল পৰ্যায়ত পৰা সাংস্কৃতিক প্ৰতিভাসমূহক বিচাৰি উলিওৱাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দুখন সভা অনুষ্ঠিত হয়।

বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ আৰু ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ তপন দত্ত, ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ দীনমনি কলিতা, ছয়ানী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া লীনা হাজৰিকা, বকো উন্নয়ন খণ্ডৰ, খণ্ড উন্নয়ন বিষয়া, গংগোত্ৰী নেওগ, জিলা সাংস্কৃতিক বিষয়া অনুজ বৰুৱাৰ লগতে বিভিন্ন গাঁও পঞ্চায়ত সচিব সকল, গাঁও পঞ্চায়ত প্ৰতিনিধি, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধি আৰু মহাবিদ্যালয় দুখনৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সভাত অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জিৎ কুমাৰ দেৱে কয় যে কামৰূপ জিলাত সাংস্কৃতিক সমাৰোহৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে।

জিলাখনত ১০ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ গাঁও পঞ্চায়ত পৰ্যায়ৰ অনলাইন পঞ্জীয়ন কৰা হ’ব। প্ৰতিযোগীসকলে ১০ অক্টোবৰৰ ভিতৰত নিৰ্দিষ্ট নথিসহ সংশ্লিষ্ট গাঁও পঞ্চায়ত কাৰ্যালয় অথবা পৌৰ নিকায়ৰ কাৰ্যালয়ত আবেদন প্ৰ-পত্ৰ দাখিল কৰিব লাগিব। সবিশেষ তলৰ ৱেবচাইটত লাভ কৰিব https://directorculture. assam.gov.in
প্ৰতিযোগীতা একক শিতানত জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত হ’ব। এগৰাকী আবেদনকাৰীয়ে আটাইকেইটা শাখাতে ভাগ ল’ব পাৰিব। সংগীতৰ ক্ষেত্ৰত প্ৰতিটো শাখাৰ আৰ্হি গীতৰ তালিকা প্ৰকাশ কৰা হৈছে।

গীতৰ তালিকাখন হৈছে।বয়সৰ ক্ষেত্ৰত তিনিটা শাখা, ১২-১৮ বছৰ, ১৯-২৪ বছৰ আৰু ২৫-৩৫ বছৰলৈ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২৫ অক্টোবৰ ২০২৩ ৰ পৰা ২৫ নৱেম্বৰ ২০২৩লৈ গাঁও পঞ্চায়ত পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। প্ৰতিগৰাকী প্ৰতিযোগীয়ে প্ৰমাণপত্ৰ লাভ কৰিব। প্ৰতিযোগিতাসমূহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল’ব পাৰিব। ১ ডিচেম্বৰ ২০২৩ ৰ পৰা ২০ ডিচেম্বৰ ২০২৩ৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল’ব পাৰিব। ২ জানুৱাৰী ২০২৪ ৰ পৰা ২০ জানুৱাৰী ২০২৪ লৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল’ব পাৰিব।

সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগীসকলে গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে হাৰমনিয়াম, তবলা আৰু গীতাৰ ব্যৱহাৰ কৰিব পাৰিব। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অতিৰিক্ত দুবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়া হ’ব। প্ৰতিযোগিতাত ট্ৰেক ব্যৱহাৰ কৰিব নোৱাৰিব। লাইভ মিউজিকহে ব্যৱহাৰ কৰিব পাৰিব। গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সংগীতৰ নিৰ্ধাৰিত সময় তিনি মিনিট আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে পাঁচ মিনিট। বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে। সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১৫ জন।

জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় ৫ মিনিট, ৰাজ্যিক পৰ্যায়ত ৭ মিনিট ধাৰ্য্য কৰা হৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ড মেগা বিহু, ২০২৩ ত ব্যৱহাৰ কৰা বিহু গীতটো কোনো প্ৰতিযোগী দলে ব্যৱহাৰ কৰিব নোৱাৰিব। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২৮ জানুৱাৰী ২০২৪ ৰ পৰা ৬ ফেব্ৰুৱাৰী ২০২৪লৈ অনুষ্ঠিত হ’ব। ৰাজ্যিক পৰ্যায়ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীলৈ পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি অতিৰিক্ত আয়ুক্ত প্ৰানজিৎ দেৱে তেখেতৰ বক্তব্য কৰাৰ লগতে কামৰূপ জিলাক ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠ জিলা হিচাপে উজলাই তুলিবলৈ সকলোকে সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।