গুৱাহাটী, ৬ অক্টোবৰ, ২০২৩ : ৰাজ্য চৰকাৰ অ-ব্যাৱস্থাপনাৰ বাবে বাৰে বাৰে কৃত্ৰিম বানত মহানগৰবাসীয়ে জ্বলা কলা খাবলগীয়া হৈছে। সময় থাকোতে নলা-নৰ্দমা সমূহ পৰিস্কাৰ নকৰাৰ ফলত সম্প্ৰতি মহানগৰবাসীয়ে বানত ককবকাই থাকিব লগীয়া হৈছে। মহানগৰৰ কৃত্ৰিম বান ব্যৱস্থাপনা এতিয়া একাংশৰ বাবে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ। যাৰ কু-ফল ভুগিব লগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে (Citizens Of Guwahati)।

এই বিষ্ফোৰক অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ শৰ্মাৰ। এক প্ৰেছ বিজ্ঞপ্তিত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই কয় যে বছৰ বছৰ ধৰি কৃত্ৰিম বানে গুৱাহাটীবাসীক নৰক যন্ত্ৰণা খুৱাই আহিছে। প্ৰতিবছৰে চৰকাৰে এই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাস্তৱত এই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয়। বান প্ৰশমনৰ বাবে কোটি কোটি ধন আৱণ্টন হোৱাৰ পিছতো বান নিয়ন্ত্ৰিত নোহোৱাতো পৰিতাপৰ কথা।

আনহাতে কৃত্ৰিম বান নিয়ন্ত্ৰণৰ নামত চলি থকা ভেকোঁভাওনা উদঙাই দি দিলীপ শৰ্মাই কেতবোৰ বিষ্ফোৰক তথ্য দাঙি ধৰি কয় যে পৰ্যাপ্ত ধন আৱণ্টনৰ পিছতো গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে সঠিক সময়ত বিহিত ব্যৱস্থা নোলোৱাৰ বাবে আজি দুদিন ধৰি মহানগৰবাসীয়ে নকৰ যন্ত্ৰণা ভুগি আছে। কেগৰ প্ৰতিবেদন অনুসৰি, বিগত বৰ্ষত কৰ্তৃপক্ষই ২০৯ কোটি টকা ব্যৱহাৰ কৰা নাছিল। জিএমচি আৰু জিএমডিয়ে নলা-নৰ্দমা চাফা কৰাত আৱণ্টিত ধনৰ ১৫ কোটি, কঠিন আৱৰ্জনা ব্যৱস্থাপনাত ১২ কোটি আৰু কৃত্ৰিম বান নিয়ন্ত্ৰণ ব্যৱস্থাপনাত ১৬ কোটি টকা ব্যৱহাৰ কৰা নাছিল।

আনহাতে ২০২১ চনৰ অক্টোবৰ মাহত গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে ২৬ কোটি টকা ব্যয়েৰে ১০ খন ছুপাৰ ছাকাৰ ক্ৰয় কৰিছিল। এই বাহন কোইখন গুৱাহাটীৰ নলা সমূহ পৰিস্কাৰ কৰাৰ বাবে জিএমচিক হস্তান্তৰ কৰা হৈছিল। কিন্তু ব্যৱস্থাপনাৰ অভাৱত এইসমূহ এনেয়ে পৰি আছে। যাৰ ফলত অনিল-নবীন নগৰ, জু-ৰোড, হাতিগাঁও, গান্ধীবস্তিকে আদি কৰি মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছ। মহানগৰৰ এনে অৱস্থাৰ বাবে একমাত্ৰ দায়ী গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংহাল।

কিছুদিন পূৰ্বে এইবেলি মহানগৰবাসীয়ে কৃত্ৰিম বানৰ পৰা মুক্ত হৈ থকা বুলি দম্ভালি মৰা আশোক সিংহাল এতিয়া ক’ত বুলিও প্ৰশ্ন কৰে দিলীপ শৰ্মাই। উল্লেখ্য যে, কৃত্ৰিম বান নিয়ন্ত্ৰণৰ বাবে আৱিণ্টত ধনৰ উচিত ব্যৱহাৰ আৰু জিএমচি কতৃপক্ষক কথাত নহয় কামত নিজৰ দক্ষতাৰ পৰিচয় দিবলৈ বিজ্ঞপ্তিযোগে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ গৰাকীয়ে দাবী জনায়।