বৰপেটা, ৫ অক্টোবৰ, ২০২৩ : এদিন পূৰ্বে কিনিছিল নতুন গাড়ী। নতুন গাড়ীখন লৈ ফুৰিবলৈ ওলাই আহি প্ৰাণ হেৰুৱালে দুই বন্ধু (Two killed in a road accident)। ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত দুই বন্ধু। তীব্ৰ বেগী ডাম্পাৰ লগত মুখামুখি সংঘর্ষ নতুন গাড়ীখনৰ। এই ভয়ংকৰ পথ দুর্ঘটনাত আহত হৈছে আন তিনিজন বন্ধু।

বুধবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে দুজন বন্ধু নিহত হোৱাৰ লগতে আহত হৈছে আন তিনিজন বন্ধু। এদিন পূৰ্বে কিনা নতুন গাড়ীখন লৈ নিশাৰ ভাগত ফুৰিবলৈ ওলাই আহিছিল পাঁচ বন্ধু। এখন তীব্র বেগী ডাম্পাৰৰ লগত নতুন বাহনখনৰ মুখামুখি সংঘর্ষ হোৱাৰ দুজন বন্ধু থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হয় আন তিনিজন বন্ধু।

আহত তিনি বন্ধুক ততাতৈয়াকৈ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বুধবাৰে নিশাৰ ভাগত এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় বৰপেটা জিলাত। বৰপেটাৰ শিমলাগুৰীত এখন তীব্ৰ বেগী ডাম্পাৰ আৰু অলটো গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুজন যুৱক থিতাতে নিহত হয়। এই ভয়ংকৰ পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত হয় আন তিনিজন যুৱক।

শিমলাগুৰী আৰক্ষী পহৰা চকীৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। থিতাতে নিহত যুৱক দুজন সৰভোগৰ আহোম পথাৰৰ ঋতুমনি ৰয় আৰু আমগুৰি টেঙা গাঁৱৰ নিৰ্মল দাস। আনহাতে পথ দুর্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা যুৱক তিনিজন ক্ৰমে জিতুমনি ৰয়, দ্বীপজ্যোতি ৰয় আৰু জুয়েলজ্যোতি ৰয়। গুৰুত্বৰভাৱে আহত যুৱক তিনিজনক সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়৷

জানিব পৰা মতে সৰভোগৰ আমগুৰি টেঙা গাঁৱৰ নিৰ্মল দাস নামৰ যুৱকজনে এদিন পূৰ্বে কিনিছিল অলটো গাড়ীখন। নতুনকৈ কিনা গাড়ীখনলৈ পাঁচ বন্ধুৱে নিশাৰ ভাগত ফুৰিবলৈ ওলাই আহিছিল। নিশা হাউলীৰ পৰা সৰভোগ অভিমুখে আহি থকা অৱস্থাত শিমলাগুৰীত বিপৰীত দিশৰ পৰা গৈ থকা এখন তীব্ৰ বেগী ডাম্পাৰৰ লগত গাড়ীখনৰ মুখামুখি সংঘৰ্ষ হয়৷ এই ভয়ংকৰ পথ দুর্ঘটনাই সমগ্ৰ সৰভোগৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।