নিউজ ডেস্ক, ২৫ জানুৱাৰী, ২০২৪ : চলিত বিত্তীয় বৰ্ষত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ দ্বাৰা অভিলেখ উপাৰ্জন। পঞ্জীয়ন পৰ্যটকৰ সমাগম বৃদ্ধি কৰিবলৈ আকৰ্ষণীয় সুবিধা প্ৰদান দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (NF Railway) ইউনেস্কোৰ ঐতিহ্যমণ্ডিত দাৰ্জিলিং হিমালয়ান ৰে’লৱে চলিত বিত্তীয় বৰ্ষৰ ডিচেম্বৰলৈকে দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন আৰু যাত্ৰী সমাগম চিহ্নিত কৰিছে।

দাৰ্জিলিং হিমালয়ান ৰে’লৱে পূৰ্বৰ সকলো অভিলেখ অতিক্ৰম কৰি প্ৰায় ১৭.৩ কোটি টকাৰ সৰ্বাধিক ৰাজহ উপাৰ্জন পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে। অধিক জয়ৰাইড সেৱা প্ৰৱৰ্তনৰ পৰিণামস্বৰূপে এই বৰ্ধিত উপাৰ্জন প্ৰাপ্ত কৰা হয়। খণ্ডটোত এই পিক চিজনত প্ৰচুৰ সংখ্যক পৰ্যটকৰ আগমনৰ বাবে হোৱা বৃহৎ সমাগম আৰু যাত্ৰীৰ যাতায়ত বৃদ্ধিৰ ফলত উপাৰ্জনো বৃদ্ধি হৈছে।

দাৰ্জিলিং হিমালয়ান ৰে’লৱেত বৰ্তমানে, নিউ জলপাইগুড়ী আৰু দাৰ্জিলিঙৰ মাজত দৈনিক সেৱা আৰু দাৰ্জিলিং আৰু ঘুমৰ মাজত জয়ৰাইড সেৱা পৰিচালন কৰা হৈছে। দাৰ্জিলিং হিমালয়ান ৰে’লৱেই ষ্টীম জাংগল টি চাফাৰী, ৰেড পাণ্ডা, হিম কন্যা আদিৰ দৰে বিশেষ সেৱাও প্ৰৱৰ্তন কৰিছে। চাৰ্টাৰ ট্ৰেইন, বিশেষ ফিল্ম শ্বুটিং ট্ৰেইন, হেৰিটেজ ডাইনিং কাৰ হৈছে দাৰ্জিলিং হিমালয়ান ৰে’লৱেত আগবঢ়োৱা কিছুমান আকৰ্ষণীয় সেৱা।

ডিএইচআৰত অধিক পৰ্যটকক আকৰ্ষিত কৰিবলৈ দাৰ্জিলিঙত এখন নতুন কোচ ৰেষ্টুৰেণ্ট আৰু কাৰ্ছিয়াঙত এখন হেৰিটেজ ৰেষ্টুৰেণ্ট খোলা হৈছে। ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰ, ২০২৩ লৈকে ঘুম শীতকালীন উৎসৱ সফলতাৰে আয়োজন কৰা হয়। সকলো প্ৰান্তৰ পৰা হোৱা স্থানীয় লোক আৰু পৰ্যটকসকলে অতি উৎসাহেৰে উৎসৱটোত উপস্থিত আছিল। বিশাল জনতাৰ সমাগমে দাৰ্জিলিং হিমালয়ান ৰে’লৱে খণ্ডটোৰ পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰত সহায় কৰিছে।

দেশ আৰু বিদেশত দাৰ্জিলিং হিমালয়ান ৰে’লৱেৰ প্ৰচাৰৰ অৰ্থে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। পৰ্যটন বৃদ্ধিৰ বাবে, নতুন কোচ প্ৰৱৰ্তন আৰু নতুন সেৱা আৰম্ভ কৰা হৈছে। দাৰ্জিলিং ষ্টেচনটো নতুন সুবিধা যেনে ঐতিহ্যমণ্ডিত খিৰিকী, কাঞ্চনজংঘা ভিউ পইণ্ট আদি নতুন বৈশিষ্ট্যৰ সৈতে উন্নীতকৰণ কৰা হৈছে। ঘুম ষ্টেচনৰ উন্নীতকৰণৰো প্ৰক্ৰিয়া চলি আছে। ষ্টেকহোল্ডাৰ, ট্যুৰ অপাৰেটৰ, সাংস্কৃতিক গোট, স্থানীয় জনগণ আদিৰ সৈতে অংশীদাৰীত্বৰে ইয়াৰ সংৰক্ষণ সুৰক্ষিত কৰিবলৈ আৰু ঐতিহ্যৰ মান বৃদ্ধিৰ বাবে নিয়মীয়াকৈ প্ৰয়াস চলাই থকা হৈছে।