তিনিচুকীয়া, ২৭ মে’ : এক জঘন্য ঘটনাই জোকাৰি গ’ল ৰূপজান গাঁও। সৰু বোৱাৰীয়ে হত্যাৰ অপচেষ্টা চলালে শাহুৱেকক। হাতত চোকা অস্ত্ৰ লৈ সৰু বোৱাৰীয়ে উপৰ্যুপৰি আক্ৰমণ চলালে শাহুৱেকৰ ওপৰত (Daughter-in-।aw attack on Mother-in-law) চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত শাহুৱেক চিকিৎসালয়ত ভৰ্তি। সৰু বোৱাৰী আটক কৰি ৰঙা ঘৰত নিক্ষেপ আৰক্ষীৰ।

শনিবাৰে (২৭ মে’) তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰূপজানত গাঁৱত এগৰাকী বোৱাৰীয়ে সংঘটিত কৰিলে এক নৃশংস ঘটনা। ৰূপজানত গাঁৱৰ এগৰাকী বোৱাৰীয়ে শাহুৰেকক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰূপজান গাঁৱত ৬৪ বছৰীয়া নিৰদা শইকীয়া নামৰ এগৰাকী বৃদ্ধাক বোৱাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত বৃদ্ধা গৰাকী গুৰুত্বৰভাৱে আহত হয়।

পাৰিবাৰিক কন্দলৰ বাবে ৬৪ বছৰীয়া নিৰদা শইকীয়াৰ সৰু পুত্ৰ বেদান্ত শইকীয়াৰ পত্নী নিহাৰীকা গগৈ শইকীয়াই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। নিহাৰীকা গগৈ শইকীয়াই শাহুৱেক নিৰদা শইকীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত নিৰদা শইকীয়াৰ চিঞৰ শুনি গাঁৱৰ প্ৰতিবেশীয়ে ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ আৰক্ষীক ফোনযোগে অৱগত কৰে। ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিৰদা শইকীয়াক উদ্ধাৰ কৰে।

আৰক্ষীয়ে আক্ৰমণকাৰী বোৱাৰী নিহাৰীকা গগৈ শইকীয়াক আটক কৰি থানা লৈ নিয়াৰ লগতে আহত শাহুৱেক নিৰদা শইকীয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইফালে ঘটনা পিছৰে পৰা নিহাৰীকা গগৈ শইকীয়াৰ স্বামী বেদান্ত শইকীয়া পলাতক পলাতক অৱস্থাত আছে। নিকৃষ্ট মণোভাৱৰ বোৱাৰী নিহাৰীকা গগৈ শইকীয়াৰ এই নৃশংস ঘটনাৰ বাবে ৰাইজে নিহাৰীকা গগৈ শইকীয়াক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

নিৰদা শইকীয়াৰ কেইজনমান প্ৰতিবেশীয়ে জানিবলৈ দিয়ে যে বিয়াৰ পিছৰে পৰা নিহাৰীকা গগৈ শইকীয়াই শাহুৱেক নিৰ্যাতন চলাই আহিছে। কেৱল শাহুৱেককে নহয় নিহাৰীকা গগৈ শইকীয়াই প্ৰতিবেশী সকলৰ লগতো বিভিন্ন সময়ত কাজিয়াত লিপ্ত হয়। আনকি এগৰাকী মানসিকভাৱে দুৰ্বল যুৱতীৰ শৰীৰত গৰম পানী ঢালিও নিহাৰীকা গগৈ শইকীয়াই যুৱতী গৰাকীক নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰে প্ৰতিবেশীয়ে।