গুৱাহাটী, ২৮ মে’ : ২৯ মে, ২০২৩ তাৰিখটো অসম আৰু উত্তৰ-পূবৰ জনসাধাৰণৰ বাবে এক ঐতিহাসিক দিন ৰূপে পৰিগণিত হ’ব। অসমৰ পৰা প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ শুভাৰম্ভ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi) অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত গুৱাহাটীৰ পৰা ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে অসমৰ লামডিঙত নৱনিৰ্মিত ডেমু/মেমু শ্বেড উদ্বোধন কৰাৰ উপৰিও ১৮২ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুনকৈ বৈদ্যুতিকৰণ কৰা ৰে’ল খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

অসমলৈ অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ আগমনৰ লগে লগে বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ আৰু অসমৰ জনসাধাৰণে দ্ৰুত গতিবেগ আৰু আৰামেৰে ৰে’লযোগে ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। যিহেতু ছেমি হাই স্পীড ৰে’লখনত সকলো শেহতীয়া অত্যাধুনিক সুবিধা আছে, ভ্ৰমণৰ সময়ত উত্তৰ-পূবৰ লোকসকলে চলিত ৰে’ল ভ্ৰমণৰ পাৰ্থক্যটো ভালদৰে অনুভৱ কৰিব পাৰিব। এই ৰে’লখন অসমৰ কামৰূপ মেট্ৰ’পলিটান, কামৰূপ গ্ৰাম্য, নলবাৰী, বৰপেটা, চিৰাং, কোকৰাঝাৰ জিলা আৰু উত্তৰ বংগৰ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু জলপাইগুড়ী জিলাৰ মাজেৰে অতিক্ৰম কৰিব।

এই বিশাল অঞ্চলৰ লোকসকলে আৰামেৰে আধুনিক ৰে’ল ভ্ৰমণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। নিউ জলপাইগুড়ী-গুৱাহাটী খণ্ডত আটাইতকৈ দ্ৰুততম এই ৰে’লখনৰ দ্বাৰা বিদ্যমান ৰে’ল যাত্ৰাৰ সময় প্ৰায় এঘণ্টা হ্ৰাস পাব। বিভিন্ন কৰ্মক্ষেত্ৰৰ লোকসকলে এই ৰে’লসেৱাৰ পৰা উপকৃত হ’ব। এই অঞ্চলৰ বাণিজ্য, পৰ্যটন আৰু ভ্ৰমণৰ দৰে খণ্ডসমূহো যথেষ্ট লাভান্বিত হ’ব।
০২২২৮ (গুৱাহাটী-নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী চলাচল ২৯ মে’ ২০২৩ তাৰিখে ১২:০০ বজাত গুৱাহাটীৰ পৰা আৰম্ভ হ’ব আৰু ১৮:০০ বজাত নিউ জলপাইগুড়ীত উপস্থিত হ’ব। উদ্বোধনী যাত্ৰাৰ সময়ত ৰে’লখনৰ কামাখ্যা, ৰঙিয়া জং., নলবাৰী, বিজনী, নিউ বঙাইগাঁও, কোকৰাঝাৰ, ফকিৰাগ্ৰাম জং., নিউ আলিপুৰদুৱাৰ, নিউ কোচবিহাৰ আৰু ধুপগুড়ীত ষ্টপেজ থাকিব।

ৰে’ল নং. ২২২২৮/২২২২৭ (গুৱাহাটী-নিউ জলপাইগুড়ী- গুৱাহাটী) বন্দে ভাৰত এক্সপ্ৰেছৰ নিয়মীয়া সেৱা ৩১ মে’ ২০২৩ তাৰিখৰ পৰা আৰম্ভ হ’ব। মঙলবাৰৰ বাহিৰে ৰে’লখন সপ্তাহত ছয়দিন চলিব। ৰে’ল নং. ২২২২৭ (নিউ জলপাইগুড়ী- গুৱাহাটী) বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ ২০২৩ ৰ পৰা ০৬:১০ বজাত নিউ জলপাইগুড়ীৰ পৰা প্ৰস্থান কৰিব আৰু ১১:৪০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ২২২২৮ (গুৱাহাটী-নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ ৩১ মে’ ২০২৩ ৰ পৰা ১৬:৩০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি ২২:০০ বজাত নিউ জলপাইগুড়ীত গৈ উপস্থিত হ’ব। উভয় যাত্ৰা পথত ৰে’লখনৰ কামাখ্যা, নিউ বঙাইগাঁও, কোকৰাঝাৰ, নিউ আলিপুৰদুৱাৰ আৰু নিউ কোচবিহাৰ ষ্টেচনত ষ্টপেজ থাকিব।

ৰে’লখনৰ ওৱান ৱে যাত্ৰাত বন্দে ভাৰত এক্সপ্ৰেছে ০৫ ঘণ্টা ৩০ মিনিটত ৪১১ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। ৫৩০ খন বহা আসনৰ ক্ষমতাৰে ০৮ টা ডবাৰে ৰে’লখন গঠিত হ’ব। ৰে’লখনত এটা এগজিকিউটিভ ক্লাছ, পাঁচখন চেয়াৰ কাৰ আৰু দুটা ড্ৰাইভাৰ ট্ৰেইল কোচ থাকিব। প্ৰধানমন্ত্ৰীয়ে ৯১.০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নিউ বঙাইগাঁও-দুধনৈ-মেন্দিপাথাৰ নৱ-নিৰ্মিত বৈদ্যুতিকৰণ কৰা খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। এই খণ্ডটোৰ বৈদ্যুতিকৰণৰ সৈতে বৈদ্যুতিক ট্ৰেক্সন সহিত মালবাহী আৰু যাত্ৰীবাহী ৰে’ল এতিয়া আমাৰ দেশৰ যিকোনো প্ৰান্তৰ পৰা মেঘালয়ত প্ৰৱেশ কৰিব পাৰিব। গুৱাহাটী-চাপৰমুখৰ ৯১ কিলোমিটাৰ নৱ-নিৰ্মিত বৈদ্যুতিকৰণ কৰা ৰে’ল খণ্ডটোও প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।

ৰাজধানী ৰে’লৰ ৰে’ল মাৰ্গৰ এই ৰে’ল খণ্ডৰ বৈদ্যুতিকৰণে প্ৰদূষণমুক্ত পৰিবহন, ৰে’লৰ উচ্চ গতিবেগ, ৰে’ল চলাচলৰ সময় হ্ৰাস আৰু ৰে’ল পৰিচালনাৰ ব্যয় হ্ৰাস কৰিব। আনহাতে, শেহতীয়াকৈ লামডিঙত নিৰ্মাণ কৰা এটা নতুন ডেমু/মেমু শ্বেডো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব। লামডিং হৈছে নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, মণিপুৰ আৰু অসমৰ কিছু অংশৰ দৰে পাহাৰীয়া উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ। এই নতুন ৰে’ল ভ্ৰমণৰ সুবিধাটোৱে এই অঞ্চলত চলি থকা ডেমু ৰেকবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে সহায়ক হ’ব যাৰ ফলত উন্নত কাৰ্যকৰী ৰেল পৰিবহণৰ সম্ভাৱনীয়তা আৰু যাত্ৰীৰ সুবিধা হ’ব।