গুৱাহাটী : মহানগৰী গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱত নলাৰ পৰা উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। কোনো দুৰ্বৃত্তই লোকজনক হত্যা কৰি বস্তাত ভৰাই নলাত পেলাই যায়।

বুধবাৰে পুৱাৰ ভাগত মহানগৰীৰ মালিগাঁৱৰ আডিংগিৰিৰ দেৱকটা নগৰত এটাত নলাৰ পৰা বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদহে। স্থানীয় ৰাইজে পুৱাৰ ভাগত নলাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

জালুকবাৰী আৰক্ষী আৰু গোশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বস্তাত ভৰাই থোৱা মৃতদেহটো নলাৰ পৰা উদ্ধাৰ কৰে। মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহটো মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

মৃতদেহ উদ্ধাৰ হোৱা লোকজন জিন্সৰ পেন্ট আৰু চাৰ্ট পৰিহিত। লোকজনৰ বয়স আনুমানিক ৪৫ বছৰ মান হ’ব। লোকজনক কোনে আৰু কি কাৰণত হত্যা কৰি এইদৰে নলাত পেলাই যায় আৰক্ষীৰ তদন্ততে সকলো পোহৰলৈ আহিব। আৰক্ষীৰ তদন্ত অব্যাহত আছে।