ধুবুৰী : দক্ষিণ শালমাৰাৰ সাতশিয়া তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৭ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন। পুৱতি নিশা কোনো দুৰ্বৃত্তই এজন লোকৰ ঘৰত অগ্নি সংযোগ কৰাৰ সন্দেহ। আৰক্ষীৰ তদন্ত আৰম্ভ।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানা এলেকাৰ সাতশিয়া তিনিআলিত বুধবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত এজন লোকৰ ঘৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ৭ লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হয়।

মহাম্মদ একাবৰ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হোৱা এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হৈ মাটিৰ নথি পত্ৰ, নগদ ধনকে ধৰি বহু সামগ্ৰী ভস্মীভূত হয়। এই অগ্নিকাণ্ডত লোকজনৰ ৭ লক্ষাধিক টকাৰ ক্ষতি সাধন হয়।

মঙলবাৰে নিশা অহাৰ গ্ৰহণ কৰি টোপনিত যোৱাৰ পিছত পুৱতি নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰি দিয়াৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ভুক্তভোগী পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।