দক্ষিণ শালমাৰা : অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। অভিযানকালত বন বিভাগে ছিল কৰিলে দুটাকৈ অবৈধ কাঠ ফলা মিল। দক্ষিণ শালমাৰাৰ পাটাকাটাত বন বিভাগে চলায় এই অভিযান। মিল দুটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা। অনাগত দিনত বন বিভাগৰ এই অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ ফালৰ পৰা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত পাটাকাটাত বন বিভাগে অভিযান চলাই দুটাকৈ অবৈধ কাঠ ফলা মিল ছিল কৰিবলৈ সক্ষম হয়। ধুবুৰী বন প্ৰাধিকৰণ বিষয়া দীপক ডেকাৰ নেতৃত্বত দক্ষিণ শালমাৰা বন বিভাগে দক্ষিণ শালমাৰা আৰক্ষীৰ সহযোগত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলাই অবৈধ কাঠ ফলা মিল দুটা ছিল কৰে।

অবৈধ কাঠ ফলা মিল দুটাৰ পৰা বন বিভাগে বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা জব্দ কৰে। অবৈধ কাঠ ফলা মিল দুটাৰ গৰাকী ক্ৰমে হাবিজুৰ ৰহমান আৰু আব্দুল বাৰেক বুলি বন বিভাগে নিশ্চিত কৰিছে। এই দুয়োজন লোকে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ কাঠ ফলা মিল বহুৱাই চোৰাংভাৱে কাঠ ফালি কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাই আছে। জিলাখনৰ মানকাচৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী এলেকাতো বহুকেইটা অবৈধ কাঠফলা মিল গড় লৈ উঠিছে বুলি জানিব পৰা গৈছে।