ৰঙিয়া : ৰঙিয়াৰ অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত চলে মদ আৰু জুৱাৰ আড্ডা। কাৰ্যালয়খনৰ একাংশ বিষয়া কৰ্মচাৰীয়ে দিন দুপৰতে কাৰ্যালয়খনৰ ভিতৰত মদ আৰু জোৱাৰ আড্ডাত বহে। সাংবাদিকৰ দল দেখি পলায়নৰ চেষ্টা মদৰ আড্ডাত বহা কাৰ্যালয়খনৰ একাংশ বিষয়া আৰু কৰ্মচাৰীৰ।

কামৰূপ জিলাৰ ৰঙিয়া নগৰত থকা অগ্নি আৰু আপদকালীন সেৱা আস্থান কাৰ্যালয়ত মদ আৰু জুৱাৰ আড্ডাত ব্যস্ত থাকে কাৰ্যালয়খনৰ একাংশ বিষয়া আৰু কৰ্মচাৰী। কাৰ্যালয়খনত বিভাগীয় কাম-কাজৰ পৰিবৰ্তে কাৰ্যালয়খনৰ একাংশ বিষয়া আৰু কৰ্মচাৰীয়ে প্ৰতিদিনে মদ আৰু জুৱাৰ আড্ডাত ব্যস্ত থকাৰ অভিযোগ দীৰ্ঘদিনীয়া।

সাংবাদিকৰ দল এটা কাৰ্যালয়খনৰ পৰিৱেশ কেমেৰাত বন্দী কৰিবলৈ যোৱাত কেমেৰা দেখি পলায়নৰ চেষ্টা চলায় মদৰ পাৰ্টিত অংশগ্ৰহণ কৰা কাৰ্যালয়খনৰ বিষয়া আৰু কৰ্মচাৰী। ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত সংঘটিত এনে অনৈতিক কাৰ্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক গোপন সূত্ৰৰ ভিত্তিত সাংবাদিকৰ দল এটা কাৰ্যালয়খনত প্ৰৱেশ কৰাত মদ খাই থকা বিষয়া আৰু কৰ্মচাৰী পলায়ন কৰে।

সাংবাদিকৰ দলটো উপস্থিত হোৱাৰ লগে লগে মদ খাই থকা বিষয়া আৰু কৰ্মচাৰী লুকাবলৈ চেষ্টা কৰে। মদৰ আড্ডা চলি থকা স্থানৰ পৰা উদ্ধাৰ হৈছে বিধে বিধে বিলাতী সুৰাৰ শ শ খালী বটল। সুৰাৰ বিপনীৰ দৰেকৈ ৰাখি থোৱা হৈছে শ শ বিলাতী সুৰাৰ খালী বটল। সুৰাৰ লগতে উদ্ধাৰ হৈছে ভাংৰ খালী চিলিং আৰু টাচ পাট। অগ্নি আৰু আপদকালীন সেৱা আস্থান কাৰ্যালয়ৰ উপ বিষয়াই কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিলে মাজে সময় এনেধৰণৰ মদ আৰু জুৱা চলে বুলি।

জৰুৰীকালীন সময়ছোৱাত সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰা অগ্নি আৰু আপদকালীন সেৱাই ৰঙিয়াত এনেদৰেই চলাইছে বিভাগটোৰ কাম-কাজ। ৰাজ্যিক বিজেপিৰ সমষ্টিতে অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়খনৰ বিষয়া আৰু কৰ্মচাৰীয়ে এনেদৰে দিন দুপৰতে কাৰ্যালয়খনৰ ভিতৰত মদৰ পাৰ্টি আৰু জুৱাৰ আড্ডা চলাই যাবলৈ ক’ত সাহস পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে একাংশ স্থানীয় সচেতন ৰাইজে।