নিউজ ডেস্ক, ১৪ জুলাই, ২০২৩ : দেশৰ ৰাজধানী দিল্লী ভয়াবহ বানৰ কবলত। এতিয়াও অপৰিবৰ্তিত হৈ আছে দিল্লীৰ বান পৰিস্থিতি। বিগত কিছুদিন ধৰি দিল্লীত যমুনা নদীৰ (Jamuna River Water Level) বাঢ়নী পানীয়ে তাণ্ডৱলীলা অব্যাহত ৰাখিছে। বিপৰী সীমাৰ ওপৰেৰে বৈ থকা যমুনা নদীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বহু লোকৰ ঘৰ পানীৰ তলত আছে।

দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে যমুনা নদীৰ পানীয়ে সৃষ্টি কৰা বানৰ সংহাৰী ৰূপ। বানপানী ফলত দিল্লীৰ নিম্নভূমি অঞ্চলৰ ২৩ হাজাৰতকৈ অধিক লোক গৃহহীন হৈ আছে। দিল্লীত বৃহস্পতিবাৰে এন ডি আৰ এফ বাহিনীৰ ১২ টাকৈ দলে ১০২২ জন লোকক বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে। বিগত সময়ত ৰাজধানী দিল্লীত হোৱা ধাৰাসাৰ বৰষুণ আৰু হাৰিয়ানাৰ হাতীকুণ্ড বেৰেজৰ পৰা নিৰ্গত হোৱা পানীৰ বাবে যমুনা নদীৰ জলস্তৰ বৃদ্ধি পোৱাত দিল্লীৰ বহু নিম্নভূমি অঞ্চলত বানপানীৰ সৃষ্টি হৈছে।

বানৰ কবলত পৰা অঞ্চল সমূহৰ লোক ঘৰ এৰি নিৰাপদ স্থানলৈ যাবলৈ বাধ্য হৈছে। বৃহস্পতিবাৰে দিল্লীত যমুনা নদীৰ পানী পুর্বেৰ সকলো অভিলেখ ভংগ কৰি বিপদ সীমাৰ বহু ওপৰেৰে বৈ আছিল যদিও শুকুৰবাৰে যমুনা নদীৰ জলপৃষ্ঠ কিছু হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে। দিল্লীৰ বান নিয়ন্ত্ৰণ বিভাগৰ তথ্য অনুসৰি ৰাজধানীত যমুনা নদীৰ জলপৃষ্ঠ হ্ৰাস পাইছে। বৃহস্পতিবাৰৰ (১৩ জুলাই) নিশা ৮ বজাত যমুনা নদীৰ পানী ২০৮.৬৬ মিটাৰ ওপৰেৰে বৈ থকাৰ বিপৰীতে শুকুৰবাৰে পুৱা ৭ বজাত পুৰণি ৰেলৱে দলঙত যমুনা নদীৰ জলপৃষ্ঠ ২০৮.৪৪ মিটাৰ আছিল। ইফালে বতৰ বিজ্ঞান বিভাগে শুকুৰবাৰে ভৱিষ্যদ্বাণী কৰিছে যে আগন্তুক ৪-৫ দিনলৈ দিল্লীত সামান্যৰ পৰা মধ্যমীয়া বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।

শুকুৰবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে দিল্লী চৰকাৰে ৰাজধানীৰ বহু অঞ্চলত জমা হোৱা পানী আঁতৰোৱাৰ বাবে কাম কৰি আছে। এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে দিল্লীৰ যমুনা নদীৰ কাষৰীয়া অঞ্চলৰ পৰা বৃহস্পতিবাৰে মুঠ ২৩,৬৯২ জন লোকক খালী কৰা হয় কাৰণ জলপৃষ্ঠ এতিয়াও বিপদৰ সীমাৰ ওপৰতে আছে। দিল্লী চৰকাৰে জনোৱা মতে বৰ্তমান ২১,০৯২ জন লোক আশ্ৰয় শিবিৰত বসবাস কৰি আছে। এন ডি আৰ এফ বাহিনীৰ ১২ টাকৈ দলে বৃহস্পতিবাৰে ১০২২ জন লোকক বাঢ়নী পানীৰ মাজৰ পৰা উদ্ধাৰ কৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে।

দিল্লীত অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱাৰ বাহনক ৰেহাই দি সকলো ধৰণৰ গধুৰ সামগ্ৰী কঢ়িওৱা বাহনৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। দিল্লীৰ লগতে উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বানৰ তাণ্ডৱলীলা অব্যাহত আছে। হিমাচল প্ৰদেশত বানপানীৰ লগতে ভূমিস্খলনৰ ঘটনাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। ভূমিস্খলনৰ ফলত কেইবাটাও পথ বন্ধ হৈ পৰাত বহু পৰ্যটক আৱদ্ধ হৈ পৰিছে। বানপানী আৰু ভূমিস্খলনৰ ঘটনাত হিমাচল প্ৰদেশত ৯০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে।