ধুবুৰী : অৱশেষত উদ্ধাৰ হ’ল ধুবুৰী চক্ৰ বিষয়া সঞ্জু দাসৰ (Dhubri Circle Officer Sanju Das) মৃতদেহ। চাৰি দিন ধৰি অভিযান চলাই অৱশেষত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় সঞ্জু দাসৰ মৃতদেহ। নাও দুর্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল সঞ্জু দাস।

যোৱা ২৯ ছেপ্টেম্বৰত ধুবুৰীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈ পৰা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ অৱশেষত উদ্ধাৰ হ’ল। দেওবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ। চাৰি দিন ধৰি এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু সীমান্ত সুৰক্ষা বাহিনীৰ দলে উদ্ধাৰ অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত উদ্ধাৰ কৰে সঞ্জু দাসৰ মৃতদেহ।

নাও দুৰ্ঘটনাৰ পিছৰে পৰা ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰা সঞ্জু দাসৰ উদ্ধাৰ অভিযানত অভিযানকাৰী দলটোৱে নাৱৰ লগতে ড্ৰোন ব্যৱহাৰ কৰিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ চতুৰ্থ দিনা অভিযানকাৰী দলটোৱে সফলতা লাভ কৰে। দুর্ঘটনাস্থলীৰ পৰা প্ৰায় ৭০০ মিটাৰ নিলগত পানীত ওপঙি থকা অৱস্থাত অভিযানকাৰী দলটোৱে ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে যোৱা ২৯ ছেপ্টেম্বৰ তাৰিখে ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত এখন যাত্ৰীবাহী নাও দুর্ঘটনাত পতিত হৈছিল। নাওখনত প্ৰায় ৮০ জন লোকৰ লগতে আছিল ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কেইবাজনো কৰ্মচাৰী। ধুবুৰীৰ ফুলবাৰী দলংৰ সমিপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত নাওখন ডুব যোৱাত ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে ২০ জনকতকৈও অধিক লোক সন্ধানহীন হৈ পৰিছিল।

পৰৱৰ্তী সময়ত সকলো লোক ব্ৰহ্মপুত্ৰ নদীৰ পৰা জীৱন্তে উদ্ধাৰ হৈছিল যদিও সঞ্জু দাস ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধানহীন হৈ পৰিছিল। নাওখন আমিনেৰ চৰৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত ধুবুৰী-ফুলবাৰী দলংৰ নিৰ্মাণ কাৰ্য চলি থকা ঠাইত ডুব গৈছিল। সঞ্জু দাস গৰাখহনীয়া ৰোধৰ কামৰ নিৰীক্ষণ কৰিবলৈ গৈছিল।