মইনুল হক
ৰঙিয়া : ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকক ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান। ৰঙিয়া ৰে’ল জংচনত ৰাজধানী এক্সপ্ৰেছ ১২৪২৩/২৪ ৰ লগতে স্থানীয় ৰে’ল গাড়ীসমূহ ৰখোৱাৰ দাবীত ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকক স্মাৰক পত্ৰ প্ৰদান কৰে।

শুকুৰবাৰে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়া মাণ্ডলিক ৰে’ল প্ৰৱন্ধকক এই স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজধানী এক্সপ্ৰেছ দৈনিক ৰখোৱাৰ লগতে স্থানীয় ৰে’ল সেৱা পুনৰ আৰম্ভ কৰাৰ দাবীৰে ছাত্ৰ সন্থাই ৰঙিয়াৰ মাণ্ডলিক ৰে’ল প্ৰৱন্ধক গৰাকীক এই স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ক’ভিডৰ সময়ত সমগ্ৰ ভাৰততে সকলো ৰে’ল সেৱা বাতিল কৰা হৈছিল আৰু ইতিমধ্যে বহু ৰে’ল সেৱা পুনৰ আৰম্ভ হৈছে।

অৱশ্যে বৰ্তমানেও বহু স্থানীয় ৰে’ল পুনৰ আৰম্ভ হোৱা নাই।ৰঙিয়া ৰে’ল জংচন ৰঙিয়াৰ লগতে ইয়াৰ সমীপৱৰ্তী বিভিন্ন ঠাইৰ লোকৰ বাবে যাতায়তৰ মূল ভৰষা। ছাত্ৰ সন্থাই মাণ্ডলিক ৰে’ল সংমণ্ডলৰ প্ৰৱন্ধক গৰাকীক ৰাজধানী এক্সপ্ৰেছ ১২৪২৩/২৪ দৈনিক ৰখোৱা আৰু স্থানীয় ৰে’লবোৰ পুনৰ আৰম্ভ কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদানৰ জৰিয়তে সমস্যাটো দূৰ কৰিবলৈ অনুৰোধ জনায়। স্মাৰক পত্ৰ প্ৰদানৰ সময়ত উপস্থিত থাকে ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাসৰ লগতে বহুকেইজন কৰ্মী।