ধুবুৰী, সংবাদ ৩৬৫, ১৯ জুলাই : ধুবুৰী জিলাৰ খুদিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত প্ৰাণ গ’ল দুই প্ৰাক্তন ছাত্ৰ নেতাৰ । জানিব পৰা অনুসৰি নিহত দুজন সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য । ছাত্ৰ নেতা কেইজনৰ নাম ক্ৰমে নাৰায়ণ ৰঞ্জন ৰায় আৰু ৰথিন চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে।

নিয়ন্ত্ৰণ হেৰুৱাই প্ৰাক্তন ছাত্ৰ নেতাকেইজন অহা বাহনখন সোমাইগৈ এখন বিলত । ৰাইজৰ সহযোগত কথমপি প্ৰাণ ৰক্ষা নিহত নাৰায়ণ ৰঞ্জন ৰায় আৰু ৰথিন চন্দ্ৰ ৰায়ৰ লগত অহা বনমালী ৰায় নামৰ যুৱকজনৰ ।

নিশা প্ৰায় ১ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত ঘটনাস্থলীতে প্ৰাক্তন ছাত্ৰ নেতা নাৰায়ণ ৰঞ্জন ৰায় আৰু ৰথিন চন্দ্ৰ ৰায় নিহত হোৱাত সমগ্ৰ জিলাখনতে শোকৰ ছা পৰিছে।