‘ হল অব ফেম’ ত অন্তৰ্ভুক্ত হ ‘ল শচীন তেণ্ডুলকাৰ

In ক্ৰীড়াংগন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৯ জুলাই : ‘হল অব ফেম’ত অন্তৰ্ভুক্ত হ’ল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰ। আই চি চিয়ে অন্তৰ্ভুক্ত কৰিছে শচীন তেণ্ডুলকাৰক ।

‘হল অব ফেম’ সন্মান অৱসৰ লোৱাৰ ৫ বছৰৰ পাছত দিয়া হয়। আই চি চিৰ গাইডলাইন অনুসৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা ৫ বছৰ সম্পূৰ্ণ হোৱা খেলুৱৈয়ে এই সন্মান লাভ কৰে। শচীন তেণ্ডুলকাৰৰ পূৰ্বে ভাৰতৰ বিষেণ সিং বেদী, কপিল দেৱ, সুনীল গাভাস্কাৰ, অনিল কুম্বলে আৰু ৰাহুল দ্ৰাবিড়ে এই সন্মান লাভ কৰিছিল ।

লণ্ডনত অনুষ্ঠিত এক সমাৰোহত শচীন তেণ্ডুলকাৰৰ উপৰি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেগী বলাৰ এলেন ড’নাল্ড আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন মহিলা বলাৰ কেথৰিনক এই সন্মান প্ৰদান কৰা হয়।

উল্লেখ্য যে শচীন তেণ্ডুলকাৰে অন্তিমখন টেষ্ট খেলিছিল ২০১৩ চনৰ নৱেম্বৰত।

Comments

comments

You may also read!

মহানগৰীৰ বিভিন্ন প্ৰান্তত কেব’ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যহত

গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : মহানগৰীত সান্ধ্য আইন, সেনাৰ ফ্লেগ মাৰ্চ তাৰ পিছতো অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ

Read More...

ৰঙিয়াত পথৰ ওপৰত টায়াৰ জ্বলাই কেবৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ

ৰঙিয়া, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ : ৰাজ্যত অব্যহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন। ৰঙিয়াবাসী ৰাইজে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ

Read More...

গুৱাহাটী মহানগৰীত সান্ধ্য আইন জাৰি

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ : বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বাবে মহানগৰীত সান্ধ্য আইন জাৰি। সন্ধিয়া ৬.১৫ বজাৰ পৰা

Read More...

Mobile Sliding Menu