ৰঙিয়া, ২৯ এপ্ৰিলঃ নিজ জন্মদাত্ৰী মাতৃক বৃদ্ধা হোৱাৰ পাছত যদি নিজৰেই পুত্ৰই এলাগী কৰে? মৰম-চেনেহ-আদৰ-যত্নৰ পৰিবৰ্তে যদি সেই পুত্ৰই চৰ-ভুকু-ককৰ্থনাৰে মাতৃক আঘাত দিয়ে তেন্তে কি ঘটিব পাৰে এগৰাকী অসহায় মাতৃৰ হৃদয়ত৷ এনে এক দুখজনক ঘটনা সংঘটিত হৈছে কামৰূপৰ ৰঙিয়াত৷ ৰঙিয়াৰ গড়ভিতৰ বালাগাঁৱত এটা জুপুৰিটোত বাস কৰে এইগৰাকী বৃদ্ধা অমূল্যা কলিতা৷  একমাত্র সাৰথি কনিষ্ঠ কন্যা৷ শিলৰ কুঁৱৰীত কাম কৰি বৃদ্ধা মাতৃক চোৱাচিতা কৰিছে জীয়ৰীয়ে৷ কোনোমতে দুবেলা দুসাঁজ ভাত মোকোলাইছে এই দুটি প্ৰাণীয়ে৷ স্বামীৰ আকস্মিক মৃত্যুৰ পাছতেই অমূল্যা কলিতা সন্মুখীন হয় এক নিষ্ঠুৰ বাস্তৱৰ৷ স্বামী-পুত্ৰ-জীৰে ভৰা সংসাৰ ভাঙি থান-বান হ’ল৷ সম্পত্তিৰ লোভত বৃদ্ধা মাতৃক এলাগী কৰি নিৰ্যাতন চলাইছে চাৰি পুত্ৰই৷ পুত্ৰৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি আৰক্ষীৰ কাষ চাপিছে এইগৰাকী আশীউৰ্দ্ধৰ মহিলাই৷ চাৰি পুত্ৰৰ বিৰুদ্ধে ৰঙিয়া থানাত এখন এজাহাৰো দাখিল কৰিছে৷ বয়সে ভাটি দিয়া চকুৰে মণিব নোৱাৰা বৃদ্ধাৰ চাৰটাকৈ পুত্ৰসন্তানে থকাৰ পিছতো নিজ কন্যাই দিন হাজিৰা কৰি পোহপাল দিছে৷ সঁচাকৈয়ে ন্যায় পাবনে এইগৰাকী দূৰ্ভগীয়া মাতৃয়ে৷ নে পুত্ৰ থকাৰ পাছতো বৃদ্ধাশ্ৰমৰ আলহী হ’ব এইগৰাকী হতভগীয়া মাতৃ৷