ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ২৯ ডিচেম্বৰ: আজি সমষ্টি ভিত্তিত ১১ খন পঞ্চায়তক সামৰি আন্তঃ পঞ্চায়ত বিধায়ক কাপ ফুটবল প্ৰতিযোগিতাখনিৰে শুভাৰম্ভ কৰে ডিগবৈৰ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে৷ আন্তঃ পঞ্চায়ত বিধায়ক কাপ ক্ৰীড়া প্ৰতিযোগিতাৰ আজিৰ প্ৰথম খেলখনত অংশগ্ৰহণ কৰে সমষ্টি অন্তৰ্গত হাপজান উন্নয়ণ খণ্ডৰ অন্তৰ্গত পানীখোৱা গাঁও পঞ্চায়ত আৰু মাৰ্ঘেৰিটা উন্নয়ণ খণ্ড অন্তৰ্গত গোলাই গাঁও পঞ্চায়তে ৷ আজিৰ শুভাৰম্ভ কাৰ্যসূচীত মাৰ্ঘেৰিটা খণ্ড উন্নয়ণ বিষয়া ৰাম ডেউৰী, হাপজান খণ্ড উন্নয়ণ বিষয়া টিকেন্দ্ৰজিৎ মাৰাং, পানীখোৱা গাঁও পঞ্চায়তৰ সচিৱ অচ্যুত বৰপাত্ৰগোঁহাই উপস্থিত থাকে ৷ সমষ্টিৰ অন্তৰ্গত গাঁও আৰু চাহবাগিচা সমুহত নৱপ্ৰজন্মৰ মাজত যথেষ্ঠ সম্ভাৱনাপূৰ্ণ প্ৰতিভা সুপ্ত হৈ আছে৷ তেওঁলোকক এই বিধায়ক কাপৰ জৰিয়তে উলিয়াই আনি জিলা পৰ্য্যায়ত আৰু পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক পৰ্য্যায়ত চিনাকী কৰোৱাই ক্ৰীড়াবিদ সৃষ্টি কৰাৰ এই চৰকাৰৰ লক্ষ্য ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ এই উদেশ্যক সফল ৰূপ দিয়াৰ বাবে আজু বিধায়ক সুরেন ফুকন লগত বিজেপি দলীয় কৰ্মী সকল৷ আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখন ৭ জানুৱাৰীলৈ টিংৰাই ৰাজহুৱা খেলপথাৰ আৰু বগাপানী চাহ বাগিচা খেলপথাৰত চলিব৷ ৭ জানুৱাৰীত চুড়ান্ত খেলখন টিংৰাই ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হ’ব৷ আজিৰ শুভাৰম্ভৰ শুভক্ষণত প্ৰতিগৰাকী যুৱ প্ৰতিভাক অভিনন্দন জ্ঞাপন কৰে ডিগবৈ সমষ্টিৰ বিধায়কে।