নিউজ ডেস্ক, ২৯ অক্টোবৰ: মাজুলীৰ স্থায়ী সুৰক্ষাৰ স্বাৰ্থত আজি পূৱ মাজুলীৰ চামগুৰিসত্ৰ ৰাওনাপাৰ আৰ্দশ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত আজি কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী নিতিন গাদকাৰীয়ে মাজুলীৰ মাথাউৰি নিৰ্মাণৰ অভিলাসী আঁচনিৰ ২৫৯ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা জলসম্পদৰ কাৰ্যালয় আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ স্থায়ী কাৰ্যালয় স্থাপনৰ আধাৰশিলা স্থাপন কৰে। সভাত স্থানীয় বিধায়ক তথা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত ৰাইজৰ সহযোগিতা সত্ৰাধীকাৰ সকলক মাজুলীত চলি থকা কাম সমূহৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাই আৰু মাজুলী অসমৰ ভিতৰতে আৰ্দশ ৰাজ্য হিচাপে গঢ়ি তুলাৰ কথা দোহাৰে। এই গাম্ভিয্যপূৰ্ণ অনুষ্ঠানত মাজুলীৰ কেইবাখনো মূল সত্ৰৰ সত্ৰাধিকাৰ, লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত , টিংখঙ সমষ্টিৰ বিধায়ক বিমল বৰাকে ধৰি অসমৰ আৰু মাজুলীৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মূখ্যমন্ত্ৰীৰ এই আৰ্দশনীয় পদক্ষেপক মাজুলীৰ ৰাইজে আদৰণি জনাইছে আৰু আগন্তুক দিনতো মাজুলীয়ে নিজকে বিশ্বৰ বুকুত এক সুকীয়া স্থান অধিকাৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে।