গুৱাহাটী, ৪ অক্টোবৰ, ২০২৩ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বছৰটোৰ সৰ্ববৃহৎ ৰাণিং ইভেনন্টৰ সাক্ষী হ’বলৈ সাজু হৈছে ডিব্ৰুগড়। ২৯ অক্টোবৰ, ২০২৩ দেওবাৰে ডিব্ৰুগড়ৰ বগীবিল সেঁতুত পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূব হাফ মাৰাথন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছে।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ উন্নয়ন, ক্ৰীড়া শক্তিশালীকৰণ আৰু ভাৰতৰ প্ৰতিষ্ঠিত চাহ চহৰ ডিব্ৰুগড়ৰ প্ৰচাৰৰ মূল উদ্দেশ্য লৈ উত্তৰ পূব সীমান্ত ৰে’লৱে (NF Railway) আৰু ইনোভেশনছ ইণ্ডিয়াই এই উত্তৰ-পূব হাফ মাৰাথন আয়োজন কৰিবলৈ আগবাঢ়ি আহিছে। ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া এই উত্তৰ-পূব হাফ মাৰাথন পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ছাই, অসম এথলেটিক এছ’চিয়েচন, অসম আৰক্ষী আৰু ভিকৰান ফাউণ্ডেচনৰ দ্বাৰা সমৰ্থিত হ’ব। হাফ মাৰাথনৰ লক্ষ্য হ’ব খেলুৱৈসকলৰ সৱলীকৰণ আৰু উত্তৰ-পূব ভাৰতত ক্ৰীড়া আন্তঃগাঁথনিৰ বিকাশ।

এই সন্দৰ্ভত বুধবাৰে (৪ অক্টোবৰ) ডিব্ৰুগড়স্থিত ৰে’লৱে অফিছাৰচ ৰেষ্ট হাউচত এখন প্ৰাক উদ্বোধনী সংবাদমেল অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অতিৰিক্ত মহাপ্ৰৱন্ধক য়তেন্দ্ৰ কুমাৰ আৰু তিনিচুকীয়াৰ মাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক উত্তম প্ৰকাশৰ সৈতে অনুষ্ঠানটোৰ বিষয়ে এক বিশ্লেষণ দাঙি ধৰে।

অনুষ্ঠানটোৰ কিউৰেটৰ কেপ্টেইন ৰাহুল বালিয়ে মাৰাথনৰ বিষয়ে আৰু প্ৰদান কৰিবলগীয়া পুৰস্কাৰৰ ধন আৰু ট্ৰফীৰ বিষয়ে অৱগত কৰে। উত্তৰ-পূব হাফ মাৰাথনে নিশ্চিতভাৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় ক্ৰীড়ামঞ্চত ডিব্ৰুগড়ক লাইমলাইটত আনিব, কিয়নো বিশ্বৰ সকলো প্ৰান্তৰ পৰা ৩০০০ তকৈও অধিক দৌৰবিদে এই মাৰাথনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ট্ৰফী, মেডেল আৰু মেধা প্ৰমাণপত্ৰৰ উপৰিও বিজয়ীসকলক ৬.৫ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।

ডিব্ৰুগড়ৰ এই হাফ মাৰাথনৰ বিশেষ দিশটো হ’ল খেলুৱৈসকলক সৱলীকৰণৰ উপৰিও, ই ডিব্ৰুগড়ৰ বিভিন্ন ইউএছপি, যেনেঃ আকৰ্ষণীয় বগীবিল সেঁতু, পবিত্ৰ জগন্নাথ মন্দিৰ আৰু বিমুগ্ধকৰ চাহ বাগিচাৰ ওপৰত আলোকপাত কৰিব যি পৰ্যটনৰ প্ৰচাৰত নিশ্চিতভাৱে যথেষ্ট সহায় কৰিব। উত্তৰ-পূব হাফ মাৰাথন হৈছে উত্তৰ-পূব ভাৰতৰ খেলুৱৈসকলক সৱলীকৰণ আৰু ক্ৰীড়া কাৰ্যকলাপৰ বিকাশৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ-পূব ভাৰতত অনুষ্ঠিত হোৱা মাৰাথনৰ এক শৃংখলা।

পৰিকল্পিত শৃংখলাটোৰ প্ৰথম মাৰাথন দেওবাৰে ৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মালিগাঁৱত অনুষ্ঠিত হৈছিল আৰু সমগ্ৰ ভাৰতৰ লগতে বিদেশৰ প্ৰায় ৩০০০ দৌৰবিদে এই দৌৰত অংশগ্ৰহণ কৰিছিল। ট্ৰফীৰ উপৰিও ১১ লাখ টকাৰ পুৰস্কাৰ, মেডেল আৰু প্ৰমাণপত্ৰ বিজয়ীসকলৰ মাজত বিতৰণ কৰা হয়। আগ্ৰহী অংশগ্ৰহণকাৰীসকলে এই মাৰাথনৰ বাবে www.nehmdibrugarh.com ত পঞ্জীয়ন কৰিব পাৰিব। এই হাফ মাৰাথন সম্পৰ্কীয় বিস্তৃত তথ্য উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সকলো চচিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা হ’ব।