গুৱাহাটী, ৪ অক্টোবৰ ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজনকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দুজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। এগৰাকীয়ে ৩ হাজাৰ টকা আৰু এজনে ২ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে। ৩ হাজাৰ টকা লৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ সহায়ক আৰু ২ হাজাৰ টকা লৈ হাত দাঙিলে এজন আৰক্ষী বিষয়া।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ এগৰাকী কনিষ্ঠ সহায়ক আৰু এজন আৰক্ষী বিষয়া পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক গৰাকী। ৩ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতা। অনুজ্ঞাপত্ৰ প্ৰদানৰ বিনিময়ত এজন লোকৰ পৰা নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাই দাবী কৰিছিল ১০ হাজাৰ টকা।

পৰৱৰ্তী সময়ত এই উৎকোচৰ ধনৰ পৰিমাণ ৫ হাজাৰলৈ হ্ৰাস কৰিছিল নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাই। উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাৰ কবলৰ পৰা উৎকোচৰ ৩ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জুনু কলিতাক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭৬/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে।আনহাতে আজিৰ দিনটোত হাত দাঙি ফটো উঠা দ্বিতীয়জন চৰকাৰী কৰ্মচাৰী হ’ল লখিমপুৰ জিলাৰ পানীগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া মেৰাফট আলী।

জামিন প্ৰদানৰ নামত এজন লোকৰ পৰা মেৰাফট আলীয়ে দাবী কৰিছিল ৫ হাজাৰ টকা। পৰৱৰ্তী সময়ত এই ধনৰ পৰিমাণ ৪ হাজাৰলৈ হ্ৰাস কৰিছিল দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনে। আজি ইয়াৰে ২ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে মেৰাফট আলী। এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭৭/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে।উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।