নিউজ ডেস্ক, ৪ অক্টোবৰ, ২০২৩ : ছিক্কিমত ভয়ংকৰ ঘটনা। ডাৱৰ বিস্ফোৰণ ঘটিছে ছিক্কিমত। ডাৱৰ বিস্ফোৰণৰ ফলত ২৩ জনকৈ সেনাৰ জোৱান সন্ধানহীন। উদ্ধাৰ অভিযান অব্যাহত (Rescue Operation Going On)। ডাৱৰ বিস্ফোৰণৰ পিছতে সৃষ্টি হৈছে বানপানী সদৃশ পৰিস্থিতিৰ। বহু বাহন ক্ষতিগ্ৰস্ত হৈছে।

ছিক্কিমত প্ৰকৃতিৰ তাণ্ডৱলীল। ছিক্কিমৰ লোনাক হ্ৰদৰ ওপৰত হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত ২৩ জনকৈ সেনাৰ জোৱান সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে। ডাৱৰ বিস্ফোৰণৰ ফলত।বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা প্ৰশাসনে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।

ইফালে সন্ধানহীন হোৱা সেনাৰ জোৱান সকলৰ উদ্ধাৰ কৰিবলৈ প্ৰশাসন আৰু সেনাৰ লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাত উপত্যকাটোৰ একাংশ সামৰিক প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে চিংটামত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ছিক্কিমৰ উত্তৰ দিশৰ লোনাক হ্ৰদত ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানীৰ সৃষ্টি হৈছে। আনহাতে চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত পানীৰ স্তৰ ১৫ ৰ পৰা ২০ ফুট উচ্চতালৈ বৃদ্ধি পাইছে।

হঠাৎ জলপৃষ্ঠ বৃদ্ধি পোৱাত চিংটামৰ সমীপৰ বৰদংত ৰখাই থোৱা সেনাৰ যান-বাহন ক্ষতিগ্ৰস্ত হয়। ২৩ জন সেনা জোৱান সন্ধানহীন হোৱাৰ লগতে ৪১ খনকৈ বাহন বোকাত আৱদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে। প্ৰশাসন আৰু সেনাৰ লোক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ঘটনাত চিংটামত ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে। ছিংটামক সংযোগী আইকনিক ইন্দ্ৰেণী দলঙখনো বানে উটুৱাই নিছে বুলি জানিব পৰা গৈছে।

বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ছিক্কিমৰ বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ডাৱৰ বিস্ফোৰণৰ ঘটনাই অধিক ভয়াবহ কৰি তুলিছে ছিক্কিমৰ পৰিস্থিতি। উল্লেখ্য নিজে যোৱা ১৮ আগষ্টত উত্তৰাখণ্ডৰ চামোলীৰ থাৰালী অঞ্চলত মুষলধাৰ বৰষুণৰ পিছত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰাখণ্ডত বহু লোকে প্ৰাণ হেৰুৱাইছিল।