গুৱাহাটী : অসমৰ প্ৰখ্যাত সমাজকর্মী তথা উদ্যোগপতি অশোক ধনুকাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। দেওবাৰে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত সামাজিক সেৱাৰ বাবে অশোক ধনুকাক দিল্লীৰ থিওফানি বিশ্ববিদ্যালয়ৰ দ্বাৰা সামাজিক সেৱাৰ ক্ষেত্ৰত সন্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান কৰা হয়। অশোক ধনুকাই সামাজিক সেৱাৰ ক্ষেত্ৰত গৱেষণা কৰিছিল।

উল্লেখ্য যে অশোক ধনুকাৰ নেতৃত্বত যোৱা বছৰ এটা মেগা টিকাকৰণ অভিযান সফলতাৰে অনুষ্ঠিত কৰা হৈছিল। ১৩৩ দিনত ৫২০০০ ৰো অধিক দৰিদ্ৰ লোকক টিকাকৰণ কৰা হৈছিল। নতুন দিল্লী লধি ৰোডৰ গুলমোহাৰ প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কেবাজনো আচাৰ্য্য আৰু উপাচাৰ্য্যৰ লগতে বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰি অশোক ধনুকাই কয় যে সফলতাৰ বাবে কোনো সৰলীকৰণ নাই। কঠোৰ পৰিশ্ৰমে তথ্য প্রযুক্তি প্রাপ্তৰ লগতে অনুশাসন, নিষ্ঠা আৰু সংকল্পৰ জ্ঞান দিয়ে।

থিওফেনি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰাৰ বাবে ধনুকাই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সামাজিক সেৱা, সামূহিক সেৱা, সামগ্রিক শিক্ষা, মহিলা সৱলীকৰণ, জনজাতীয় উত্থান, বহনক্ষম বিকাশ আৰু মানৱ কল্যাণৰ বাবে ধনুকাই সেৱা আগবঢ়াই গৈছিল। নৱ প্ৰজন্মক ধনুকাই পৰামৰ্শ আগবঢ়াই কয় যে সকলোৱে কঠোৰ পৰিশ্ৰম কৰক আৰু সফলতা নিজে আগবঢ়ি আহিব।