গোঁসাইগাঁও : পুনৰ এক নৃশংস হত্যাকাণ্ড। ডাইনীৰ নামত ৰাজ্যত পুনৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ডাইনীৰ সন্দেহত এগৰাকী ৪৫ বছৰীয়া মহিলাক নৃশংসভাৱে হত্যা কৰি গছত ওলমাই থলে। ঘটনাৰ লগত জড়িত তিনিজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱত পুনৰ অন্ধবিশ্বাসৰ বলি হৈছে এগৰাকী মহিলা। ৪৫ বছৰীয়া চাৰি সন্তানৰ মাতৃ অঞ্জলী মূৰ্মুক ডাইনীৰ সন্দেহত নৃশংসভাৱে হত্যা কৰা হৈছে। গোঁসাইগাঁৱৰ মোহনপুৰৰ অঞ্জলী মূৰ্মু নামৰ মহিলা গৰাকীক শনিবাৰে নিশাৰ ভাগত চাৰিজন যুৱকে ঘৰৰ পৰা বলপূৰ্বকভাৱে উঠাই নি হত্যা কৰে।

সোমবাৰে পুৱৰ ভাগত মহিলা গৰাকীৰ মৃতদেহ ঘৰৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত থকা পাহাৰত উদ্ধাৰ হয়। গছত অৰ্ধনগ্ন অৱস্থাত ওলমি থকা মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি তিনিজনকৈ যুৱকক আটক কৰিছে।

ঘটনাৰ লগত জড়িত থকা অভিযোগত আটক কৰা যুৱক তিনিজন হৈছে ক্ৰমে সুনিল মাৰ্ডী, হোপনা হেমব্ৰম আৰু ৰবিনছন কিস্কু। ইফালে ঘটনাৰ লগত জড়িত থকা আনজন যুৱক ছাকেল হেমব্ৰমে বৰ্তমানেও পলাতক অৱস্থাত আছে। ছাকেল হেমব্ৰমেৰ সন্ধানত গোসাঁইগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।