আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰত এজন দানৱৰূপী পুত্ৰৰ কাণ্ড। জীৱন্তে মাতৃক জ্বলাই হত্যাৰ চেষ্টা দানৱৰূপী পুত্ৰৰ। শিৱসাগৰৰ গোঁহাইগাঁও টেপৰতলত সংঘটিত হৈছে এই নৃশংস ঘটনা। অগ্নিদগ্ধ মাতৃ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

শিৱসাগৰত এজন দানৱৰূপী পুত্ৰই নিজ মাতৃক জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলোৱাৰ এক নৃশংস ঘটনা সংঘটিত হৈছে। শিৱসাগৰৰ
গোঁহাইগাঁও টেপৰতলত সন্তোষ চাহু নামৰ এজন দানৱৰূপী পুত্ৰই এই কাণ্ড সংঘটিত কৰিছে। সন্তোষ চাহু নামৰ লোকজনে নিজ মাতৃ সবিতা চাহুক জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা চলায়।

অগ্নিদগ্ধ সবিতা চাহু নামৰ মহিলা গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সন্তোষ চাহুক। শুকুৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই নৃশংস ঘটনা।