গুৱাহাটী : আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই গৃহকর্মী সকলৰ উত্তাল প্ৰতিবাদ। শতাধিক গৃহকর্মীয়ে গুৱাহাটী ক্লাবত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। গৃহকর্মী সকলৰ কেইবাটাও দাবী লৈ গৃহকর্মী অধিকাৰ সুৰক্ষা সমিতিয়ে গুৱাহাটী ক্লাবত সাব্যস্ত কৰে প্ৰতিবাদ।

আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই নিজৰ গৃহকর্মী সকলৰ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰাৰ দাবীত গৃহকর্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গুৱাহাটী মহানগৰীত কৰ্মৰত শতাধিক গৃহকর্মী সকলে উত্তাল গুৱাহাটী ক্লাবত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী সকলে আমাক দাবী মানিব লাগিব, আমাক সুৰক্ষা প্ৰদান কৰক, গৃহকর্মী সকলৰ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰক আদি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে। গৃহকর্মী সকলৰ মজুৰি প্ৰতিঘণ্টাত বৰ্তমানৰ ৩৫ টকাৰ পৰা ৭৫ টকালৈ বৃদ্ধি কৰা, ৬০ বছৰৰ উৰ্দ্ধৰ গৃহকর্মী সকলৰ বাবে প্ৰতিমাহে পেঞ্চনৰ ব্যৱস্থা কৰা, গৃহকর্মী সকলৰ সন্তানৰ শিক্ষাবৃত্তি নিশ্চিত কৰা, গৃহকর্মী সকলক চিকিৎসাৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ দাবীত গৃহকর্মী সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

গৃহকর্মী সকলে গৰ্ভৱতী শ্ৰমিক সকলক গৰ্ভকালীন ভট্টা প্ৰদান কৰা, জীৱনকালীন, বিপদকালীন তথা মৃত্যুত গৃহকর্মী সকলক বীমা প্ৰদান কৰা, সপ্তাহত এদিন মজুৰিসহ ছুটী নিশ্চিত কৰা আৰু লকডাউনৰ ক্ষতিপূৰণ হিচাপে প্ৰতিগৰাকী গৃহকর্মীক ১ লাখ টকাকৈ প্ৰদান কৰাৰো দাবী জনায় প্ৰতিবাদী গৃহকর্মী সকলে। উল্লেখ্য যে আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই গুৱাহাটীত কৰ্মৰত গৃহকর্মী সকলে নিজৰ অধিকাৰ বিচাৰি ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে।