কনক হাজৰিকা
নগাঁও : নগাঁও-বঢ়মপুৰ জলসিঞ্চন সংমণ্ডলত চাকৰিত যোগদান কৰিবলৈ আহি এজন লোকৰ সৈতে দুগৰাকী মহিলা আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে আটক কৰা লোকজন হৈছে ৰাজীৱ ৰায় ওৰফে জয় বাহাদুৰ ৰায় আৰু মহিলা দুগৰাকী হৈছে নমিতা দেৱী আৰু পমি কলিতা শইকীয়া। বৰ্তমান ইটাচালী আৰক্ষীয়ে তিনিওকে সোধপোচ কৰি আছে।

আৰক্ষীৰ মতে ৰাজীৱ ৰায় নামৰ লোকজনে পমি কলিতা শইকীয়া আৰু নমিতা দেৱী নামৰ মহিলা দুগৰাকীক চতুৰ্থ বৰ্গ পদৰ বাবে নিয়ুক্তি পত্ৰ দিছিল। ৰাজীৱ ৰায় পূৰ্বতে জলসিঞ্চন বিভাগৰ খালাচী পদত কাৰ্যনিবাহ কৰিছিল। ড্ৰাগছৰ এক গোচৰত গ্ৰেপ্তাৰ হোৱা ৰাজীৱ ৰায়ক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল। চাকৰিৰ পৰা নিলম্বিত ৰাজীৱ ৰায়ে সোমবাৰে জলসিঞ্চন বিভাগৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়লৈ বৰঘাটৰ পমি কলিতা শইকীয়াক চাকৰিত যোগদান কৰোৱাবলৈ লৈ আহে।

ইয়াৰ কিছু সময়ৰ পিছতে ৰহাৰ নমিতা দেৱীও আহে চাকৰিত যোগদান কৰিবলৈ। কাৰ্যবাহী অভিযন্তা সেই সময়ত উপস্থিত নথকাত নিয়ুক্তি পত্ৰ লৈ চাকৰিত যোগদান কৰিবলৈ অহা বিষয়টোক লৈ কাৰ্যালয়ৰ আন বিষয়া কৰ্মচাৰীৰ মাজত উৎসূকতাৰ সৃষ্টি হোৱাত এজন বিষয়াই মহিলাগৰাকীৰ নিয়ুক্তি পত্ৰখন প্ৰত্যক্ষ কৰি কাৰ্যালয়ৰ এজন কনিষ্ঠ সহায়কক চাবলৈ দিয়ে। সহায়ক জনে নিয়ুক্তি পত্ৰখন চাই গম পায় যে নিয়ুক্তি পত্ৰ খন ভুৱা।

এই ঘটনাৰ পিছতে কাৰ্যালয়টোত এক উত্তেজনা পূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। পিছত আৰক্ষী কাৰ্যালয়টোত উপস্থিত হৈ দুই মহিলাসহ ৰাজীৱ ৰায়ক সোধপোচৰ বাবে ইটাচালী আৰক্ষী চকীলৈ লৈ যায়। সন্দেহ কৰা মতে নিলম্বিত ৰাজীৱ ৰায়ে পুৰনা নিয়ুক্তি পত্ৰ স্কেন কৰি পমি কলিতা শইকীয়া আৰু নমিতা দেৱীৰ নাম লিপিবদ্ধ কৰি প্ৰদান কৰিছিল।