গুৱাহাটী : ভঙাগড় থানাৰ সুৰামত্ত গাড়ী চালকৰ তাণ্ডৱ। ভঙাগড় থানাৰ সুৰামত্ত গাড়ী চালকে মহতিয়াই নিলে তিনিজন লোকক। নিশা সুৰাৰ ৰাগীত মাতাল হৈ ভঙাগড় থানাৰ গাড়ী চালক ৰমেজ আলীয়ে মহতিয়াই নিয়ে পদপথৰ এজন দোকানীসহ তিনিজন লোকক। ৰমেজ আলীক ৰাইজে আটক কৰি গতাই দিয়ে আৰক্ষীক।

সুৰামত্ত গাড়ী চালকে পুনৰ সংঘটিত কৰিলে এক ভয়ংকৰ পথ দুর্ঘটনা। এইবাৰ আৰক্ষীৰ গাড়ী চালক এজকে সুৰাৰ ৰাগীত মাতাল হৈ গাড়ী চলাই পদপথৰ দোকানী এজনসহ তিনিজনক মহতিয়াই নিয়ে। দেওবাৰে নিশা এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে মহানগৰী গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীত।

ভঙাগড় থানাৰ গাড়ী চালক ৰমেজ আলীয়ে নিশা সুৰামত্ত অৱস্থাত ভঙাগড় থানাৰ চুইফ্ট ডিজায়াৰ বাহনখনেৰে সিজুবাৰীত পদপথত দোকান দিয়া এজন লোকসহ তিনিজনক মহতিয়াই নিয়ে। দুর্ঘটনা সংঘটিত কৰিয়ে ৰমেজ আলীয়ে বাহনখনলৈ পলায়নৰ চেষ্টা চলায়। সেই সময়ত দুর্ঘটনাস্থলীত থকা লোকে ৰজমে আলীক আটক কৰে।

পদপথৰ দোকানীক মহতিয়াই নিয়াৰ পিছত এখন স্কুটীত খুন্দা মাৰে সুৰামত্ত চালক ৰমেজ আলীয়ে। স্থানীয় ৰাইজে ভঙাগড় থানাৰ গাড়ী চালক ৰমেজ আলীক হাতীগাঁও আৰক্ষীক গতাই দিয়ে। ইফালে ৰমেজ আলীয়ে মহতিয়াই নিয়া পদপথৰ দোকানীজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।