জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথৰ অগ্ৰনী উচ্চ শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ত দেওবাৰে পুৱাৰে পৰা কেইবালানি কাৰ্যসুচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পুৱা মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে আয়োজন কৰা গছ পুলি ৰোপণ কাৰ্যসুচীৰ শুভাৰাম্ভ কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: চিন্তামণি শৰ্মাই। গছ পুলি ৰোপণ অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ অধ্যাপক-আধ্যাপিকা সকলৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। ইয়াৰ পিছতেই অসম প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ বিশ্বনাথ মহাবিদ্যালয়ৰ ‘পৰিৱেশ আৰু জলবায়ু কোষে’ বিশ্বনাথ ঘাটৰ বিশ্বনাথ প্ৰাথমিক বিদ্যালয়ত গছ পুলি ৰোপণৰ লগতে এক গাম্ভীৰ্য্যপুৰ্ণ পৰিৱেশত সজাগতা সভাৰ আয়োজন কৰা হয়। কোষৰ সমন্বয়ক ড: বিশ্বজিৎ শৰ্মাই সমুহ কাৰ্যসুচীৰ আঁত ধৰে।

দুই শতাধিক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড: চিন্তামণি শৰ্মাই উদ্বোধন কৰা সজাগতা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ এগ্ৰ’নমি বিভাগৰ অধ্যাপক ড: ৰত্ন কিংকৰ গোস্বামী। উদ্বোধনী ভাষণত অধ্যক্ষ গৰাকীয়ে বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোকপাত কৰাৰ লগতে নৱপ্ৰজন্মক পৰিৱেশ সংৰক্ষণৰ ওপৰত আত্মনিয়োগ কৰি নিজকে সমাজৰ একোগৰাকীকৈ সচেতন ব্যক্তি ৰূপে গঢ় দিবলৈ আহ্বান জনায়। নিৰ্দিষ্ট বক্তাৰ ভাষণত ড: ৰত্ন কিংকৰ গোস্বামীয়ে সৰ্ব প্ৰথমে কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ লগত পৰিৱেশ দিৱসৰ ওপৰত কিছু সময় কথোপকথনেৰে বক্তৃতা আৰম্ভ কৰে। বিশ্ব পৰিবেশ দিৱসৰ ইতিহাস আৰু পৰিৱেশ সংৰক্ষণত সচেতন ৰাইজে ল’বলগীয়া সজাগতা সমুহৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়ায়। ড: গোস্বামীয়ে মহাবিদ্যালয়খনে এনেধনৰণৰ অনুষ্ঠান গ্ৰাম্যাঞ্চলত অনুষ্ঠিত কৰি ৰাইজৰ মাজত পৰিৱেশৰ সজাগতা সৃষ্টিৰ বাবে লোৱা ইতিবাচক পদক্ষেপৰ ভূয়সী প্ৰসংসা কৰে।

বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ক্ৰমে ড: ৰাহুল শৰ্মা, ড: সুনয়না গোস্বামী, শিবাশ্ৰী হোজাইছা, কাৰ্যালয় অধীক্ষক চিত্তৰঞ্জন কাকতী, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, শিক্ষক শিক্ষয়ত্ৰী, পৰিচালনা সমিতি, মাতৃ গোট, গাঁও উন্নয়ন সভা, অভিভাৱক, গাঁও পঞ্চায়তৰ সমুহ সদস্য, বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভা ‘পৰিৱেশ আৰু জলবায়ু কোষ’ৰ সমন্বয়ক ড: বিশ্বজিৎ শৰ্মাৰ শলাগৰ শৰাইৰে অন্ত পৰে। বিয়লি ২:০০ বজাৰ পৰা বিশ্বনাথ মহাবিদ্যালয়ৰ অভ্যন্তৰীণ মানদণ্ড আৰু নিশ্চিত কোষৰ উদ্যোগত মহাবিদ্যালয়খনৰ চৌহদত অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে প্ৰায় তিনি শতাধিক লোকৰ উপস্থিতিত এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হয়। কোষৰ সমন্বয়ক ড: নৰেশ ঠাকুৰে আঁত ধৰা অনুষ্ঠানটিত ড: শৰ্মাই বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য, ইতিহাস আৰু কাৰ্বণ ডাই অক্সাইড্ আৰু সেউজ গৃহ গেছসমুহৰ জলবায়ু পৰিবৰ্তণৰ ওপৰত থকা প্ৰভাৱ সম্পৰ্কে বিস্তৃত পৰ্যালোচনা আগবঢ়ায়। লগতে তেখেতে জলবায়ু পৰিবৰ্তনে ভবিষ্যতে মানৱ সমাজলৈ কঢ়িয়াই আনিব লগীয়া ভয়াবহ পৰিস্থিতিৰ বিষয়ে সজাগ হৈ ছাত্ৰ-ছাত্ৰী সকলে সমাজত মুখ্য ভূমিকা পালন কৰিব লাগিব বুলি মত পোষন কৰে।

বিয়লি ৪:০০ বজাত মহাবিদ্যালয়খনৰ পৰিয়ালৰ লগতে স্থানীয় অৰ্ধশতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰী ক্ৰমে তাপ্তীদুতি বৰা আৰু ছাত্ৰ ঋত্বিক জ্যোতি বৰাৰ দ্বাৰা প্ৰকাশিত দুখন কাব্যগ্ৰন্থ ক্ৰমে “নুপুৰ ৰুণজুনত ভূপালী আকাশ” দিলীপ কুমাৰ ভট্টাচাৰ্য আৰু “পশ্চিমৰ কলা মেঘ” ড° চিন্তামনি শৰ্মা তথা ছাত্ৰ একতা সভাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে নয়ন জ্যোতি গোৱালা আৰু কুশল শৰ্মাৰ যুটীয়া সম্পাদনাত প্ৰকাশিত “জীৱন আৰু স্বপ্ন” শীৰ্ষক গ্ৰন্থ যুটীয়া ভাবে সাংবাদিক নিৰঞ্জন হাজৰিকাই উন্মোচন কৰে। এই অনুষ্ঠানত বিদ্যুৎ শৰ্মা,ড° অৰুণ চলিহা, অধ্যাপক তাৰানাথ মহন্ত,সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য ৰূপম দাস, জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, বিউটি ফুকন গগৈ, ৰুমি শইকীয়া দাস, বিভামনি দাস, আভা প্ৰকাশনৰ স্বত্তাধিকাৰ মানস জ্যোতি দাসকে প্ৰমুখ্যে কৰি অনেক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।