জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ আৰক্ষীৰ গুলী চালনা। বিশ্বনাথ আৰক্ষীৰ গুলীত অহাত এজন ড্ৰাগছ মাফিয়া। গুলীবিদ্ধ হ’ল বিশ্বনাথৰ বালিপুখুৰীৰ সুজল ভূঞা ওৰফে শিৱা ভূঞা নামৰ ড্ৰাগছ মাফিয়া। বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ মাফিয়াজনক।  

শুকুৰবাৰে সন্ধিয়াৰ ভাগত বিশ্বনাথ জিলা অৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাইছিল। বিশ্বনাথ জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ ব্যবসায়ৰ সৈতে জড়িত থকা সুজল ভূঞা ওৰফে শিৱা ভূঞাক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ পিছতে বিশ্বনাথৰ অনা আন ড্ৰাগছ ব্যৱসায়ীৰ সন্ধানত আৰক্ষীয়ে সুজল ভূঞা ওৰফে শিৱা ভূঞাক লগত লৈ অভিযান আৰম্ভ কৰিছিল। নিশাৰ ভাগত চলা এই অভিযান কালত সুজল ভূঞা ওৰফে শিৱা ভূঞাই বিশ্বনাথৰ পেটেলিবাৰী সমিপতে আৰক্ষীৰ দলটোক বিপথে পৰিচালিত কৰি আৰক্ষীৰ গাড়ীৰ পৰা হঠাৎ জাপ দি আন্ধাৰৰ দিশে পলায়নৰ চেষ্টা চলাই।

আৰক্ষীয়ে বহুবাৰ ধৃত সুজল ভূঞা ওৰফে শিৱা ভূঞাক পলায়ন নকৰিবলৈ কয় যদিও ধৃত সুজল ভূঞা ওৰফে শিৱা ভূঞই আন্ধাৰৰ সুবিধা লৈ পলায়ন কৰিব লৈওতেই আৰক্ষীয়ে অবশেষত গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী সুজল ভূঞা ওৰফে শিৱা ভূঞাৰ বাওঁ ভৰিত লগাত ড্ৰাগছ মাফিয়া সুজল ভূঞা ওৰফে শিৱা ভূঞা আহত হয়।

আৰক্ষীয়ে আহত সুজল ভূঞা ওৰফে শিৱা ভূঞাক বিশ্বনাথ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক  চিকিৎসা প্ৰদান কৰি নিশাৰ ভাগতে উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে পংকজ গুপ্তা নামৰ এজন ড্ৰাগছ আসক্ত তথা ড্ৰাগছ সৰবৰাহকাৰী বিশ্বনাথ আৰক্ষীৰ কবলৰ পৰা পলায়ন কৰিছিল।