কনক হাজৰিকা

নগাঁও : ৰাজ্যত অব্যাহত আছে অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। নগাঁৱত পুনৰ অপৰাধীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা। নগাঁও আৰক্ষীৰ গুলীত অহাত এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন।

নগাঁও জিলাৰ জুৰীয়া থানাৰ অন্তৰ্গত টেলিয়া বেবেজীয়া পথাৰত পুনৰ আৰক্ষীৰ গুলী চালনা। নগাঁও আৰক্ষীয়ে টেলিয়া বেবেজীয়া পথাৰত নুৰজামাল নামৰ এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰত ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে ড্ৰাগছ ব্যৱসায়ীজনে আৰক্ষীৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়।

ড্ৰাগছ ব্যৱসায়ীজনে হাতত দা লৈ অভিযানকাৰী আৰক্ষীৰ দলটোক খেদি অহাত আৰক্ষী বাধ্য হৈ গুলী চালনা কৰাৰ আৰক্ষীৰ গুলী ড্ৰাগছ ব্যৱসায়ীজনৰ সোঁ হাতত লাগে। আৰক্ষীৰ গুলীত অহাত হোৱা ড্ৰাগছ ব্যৱসায়ীজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ড্ৰাগছ ক্ৰয় কৰি সেৱন কৰি এজন যুৱক মৃত্যুমুখত পৰিছিল।

ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিছে। জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিথ বড়ো আৰু হয়বৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰঙ্গ পাটোৱাৰীৰ নেতৃত্বত চলিছিল এই ড্ৰাগছৰ বিৰোধী অভিযান। ড্ৰাগছ ব্যৱসায়ীজন দীর্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।