জোনমণি বেগম

বিশ্বনাথ : বিদ্যালয়ৰ কাম সম্পূৰ্ণ নহওঁতে দেৱালত চিৰাল ফাট। চাহ বাগিচাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁ‌চনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ। কোটি টকা ব্যায় সাপেক্ষে চাহ বাগিচাত নিৰ্মাণ কাৰ্য চলি থকা বিদ্যালয়ৰ কাম সম্পূৰ্ণ নহওঁতেই দেৱালত চিৰাল ফাট। 

চাহ বাগিচাৰ এলেকাত ৰাজ্য চৰকাৰে ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁ‌চনি গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত তদানীন্তন বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিতৰত প্ৰথমখন আদৰ্শ বিদ্যালয় বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত আধাৰশিলা স্থাপন কৰি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। চাহ বাগিচাখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ পৰিকল্পনাৰে ১২২ কোটি টকা ব্যয় সাপেক্ষে এই ব্যয় বহুল আঁচনি গ্ৰহণ কৰিছিল ৰাজ্যৰ বিজেপি চৰকাৰখনে।

ডেৰ বছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ হৈ নুঠিল এই বিদ্যালয় সমূহৰ নিৰ্মাণ কাৰ্য। ইয়াৰ বিপৰীতে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰাৰ অভিযোগ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই বিদ্যালয়ৰ দেৱালত দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড ফাট। অতি নিম্ন মানদণ্ডৰ কাম কৰি ঠিকাদাৰে এতিয়া এই ফাট ঢাকিবলৈ টাপলি মাৰিছে দেৱাল সমূহত। কেবল দেৱাল সমূহেই নহয়, বিদ্যালয় নিৰ্মাণ কামত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক লুন্ঠন কৰা কৰাৰ অভিযোগো উত্থাপন হৈছে।

কিছুদিন পূৰ্বে বিদ্যালয় নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ আৰু অভিযন্তাক স্থানীয় ৰাইজে এই সন্দৰ্ভত অভিযোগ প্ৰদান কৰিছিল যদিও ঠিকাদাৰ অথবা অভিযন্তাই কোনো গুৰুত্ব আৰোপ কৰা নাই। আনহাতে ৬ মাহৰ ভিতৰত এই বিদ্যালয় সমূহ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সেই সময়ৰ বিত্তমন্ত্ৰী গৰাকী বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ল।কিন্তু আজি পৰ্যন্ত বিদ্যালয়খন সম্পূৰ্ণ কৰা প্ৰতিশ্ৰুতি ৰক্ষা নহ’ল। এতিয়া প্ৰশ্ন হ’ল মুখ্যমন্ত্ৰী গৰাকীয়ে ৰক্ষা কৰিব নে এটা সময়ত বিশ্বনাথৰ চাহ বাগিচাৰ ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি, ব্যবস্থা গ্ৰহণ কৰিব নে দুৰ্নীতি আশ্ৰয় লোৱা ঠিকাদাৰ, অভিযন্তাৰ বিৰুদ্ধে?