কোকৰাঝাৰ : ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত সংঘৰ্ষ। সংঘর্ষত দুজন বনকৰ্মী আৰু এজন চোৰাং চিকাৰী আহত হৈছে। বনকৰ্মীৰ দল এটা ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত টহল দি থকা সময়ত চোৰাং চিকাৰীৰ দল এটাই আক্ৰমণ চলায় বনকৰ্মীৰ দলটোৰ ওপৰত।

কোকৰাঝাৰ জিলাৰ ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত বনকর্মী আৰু চোৰাং চিকাৰীৰ দল এটাৰ মাজত সংঘর্ষ সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়াৰ ভাগত ৰাইমানা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হোৱা এই সংঘর্ষৰ ঘটনাত দুজন বনকর্মী গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে এজন চোৰাং চিকাৰী আহত হৈছে। উদ্যানখনৰ ৭ নং ৰাইডত সংঘটিত হৈছে এই ঘটনা।

শুকুৰবাৰে সন্ধিয়াৰ ভাগত বনকৰ্মীৰ দল এটা উদ্যানখনৰ ভিতৰত নিয়মীয়া টহল দি থকা সময়তে বনকৰ্মীৰ দলটো চোৰাং চিকাৰীৰ দল এটাৰ মুখামুখি হয়। ইয়াৰ পিছতে চোৰাং চিকাৰীৰ দলটোৱে বনকর্মীৰ দলটোৰ ওপৰত খুকুৰীৰে আক্ৰমণ চলায়। চোৰাং চিকাৰীৰ দলটোৰ আক্ৰমণত ৰনেন্দ্ৰ ওৱাৰী আৰু জয়নাথ নাৰ্জাৰী নামৰ বনকর্মী দুজন গুৰুত্বৰভাৱে আহত হয়।

বনকর্মী দুজন আহত হোৱাৰ পিছতো অনন্ত বসুমতাৰী নামৰ চোৰাং চিকাৰীজনক আটক কৰিবলৈ সক্ষম হয়। বনকৰ্মীৰ লগত হোৱা সংঘর্ষত অনন্ত বসুমতাৰী নামৰ চোৰাং চিকাৰীজনো আহত হয়। ঘটনাস্থলীৰ পৰা আন কেইবাজনো চোৰাং চিকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। আহত সকল বৰ্তমান চিকিৎসাধীন হৈ আছে।

চোৰাং চিকাৰী মুক্ত বিটিআৰৰ কথা কোৱা চৰকাৰখন প্ৰকৃতিতে বিটিআৰ চোৰাং চিকাৰী মুক্ত কৰিবলৈ কিমান সক্ষম হৈছে ইয়াৰ উদাহৰণ শুকুৰবাৰৰ ঘটনাৰ পৰাই অনুমান কৰিব পাৰি। উল্লেখ্য যে বনকৰ্মীৰ ওপৰত আক্ৰমণ চলোৱা অনন্ত বসুমতাৰী নামৰ চোৰাং চিকাৰীজন কিছুদিন পুর্বে আত্মসমৰ্পণ কৰিছিল। অনন্ত বসুমতাৰী পুনৰ চোৰাং চিকাৰৰ লগত জড়িত হৈ পৰাৰ অভিযোগ কৰিছে বনকর্মী সকলে।