হাইলাকন্দি : কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী আৰক্ষীৰ গুলীত নিহত। বৰাক উপত্যকাৰ কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কয়লা মাফিয়াজনক লক্ষ্য কৰি গুলী চালনা কৰে। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আব্দুল আহাদ চৌধুৰীক।

বৰাক উপত্যকাত অবৈধ কয়লাৰ ব্যৱসায়ী কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী নিহত হৈছে আৰক্ষীৰ গুলীয়। শনিবাৰে নিশাৰ ভাগত হাইলাকন্দি আৰক্ষীৰ গুলীত থিতাতে নিহত হয় কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীক লক্ষ্য কৰি গুলী চালনা কৰে।

উল্লেখ্য যে যোৱা ১০ এপ্ৰিল তাৰিখে হাইলাকান্দিৰ লালা আৰক্ষী চকীৰ অধীনত গাগলাছেড়াত আৰক্ষীয়ে এখন অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই বৰাক উপত্যকাত কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীক শনিবাৰে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত আৰক্ষীয়ে কয়লা মাফিয়াজনক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ নিয়ে।

চিকিৎসালয়লৈ নিয়াৰ পথত কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীয়ে আৰক্ষীৰ ওপৰত গুলী চালনা কৰি পলায়নৰ চেষ্টা চলায়। প্ৰত্যুত্তৰত আৰক্ষীয়ে গুলী চালনা কৰাত থিততে নিহত হয় কুখ্যাত কয়লা মাফিয়াজন। ইয়াৰ পিছতে আৰক্ষীয়ে কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰীৰ মৃতদহে উদ্ধাৰ কৰি হাইলাকান্দি এচ কে ৰায় অসামৰিক হাস্পতাললৈ নিয়ে।