দুধনৈ : দুধনৈ আৰক্ষীৰ জালত আঢ়ৈ কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু হেৰ’ইনসহ দুধনৈ আৰক্ষীৰ জালত মণিপুৰ, নাগালেণ্ডৰ ডিমাপুৰ আৰু মানকাচৰৰ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ তালাচীত নাগালেণ্ডৰ বাহনৰ পৰা জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আছে। ইতিমধ্যে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও গুৰুত্বপূৰ্ণ সফল্য লাভ কৰিছে। অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফলত এক প্ৰকাৰ ড্ৰাগছ মাফিয়াৰ কঁকাল ভাঙি পৰিছে।

ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষী জালত পৰি থকাৰ মাজতো একাংশ ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰীয়ে অসমৰ ভূমি ড্ৰাগছ সৰবৰাহৰ বাবে ব্যৱহাৰ কৰি থকা পৰিলক্ষিত হৈছে। পুনৰবাৰ ইয়াৰ প্ৰমাণ পোৱা গ’ল গোৱালপাৰা জিলাৰ দুধনৈত। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মানকাচৰ অভিমুখে গৈ থকা উইংগাৰ বাহন এখনৰ পৰা দুধনৈ আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

দুধনৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলাল মহন্তই ৰাষ্ট্ৰীয় ঘাইপথেৰে মানকাচৰ অভিমুখে গৈ থকা অৱস্থাত এনএল-০৭-টি-০৮১৫ নম্বৰৰ নাগালেণ্ডৰ পঞ্জীয়ন থকা উইংগাৰ বাহনখন ৰখাই তালাচী।চলাই বাহনখনৰ পৰা ৪০ হাজাৰ নিচাজাতীয় টেবলেট আৰু ২৫০ গ্ৰাম হেৰ’ইন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় টেবলেট আৰু হেৰ’ইনখিনিৰ বজাৰ মূল্য আঢ়ৈ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী তিনিজনৰ এজন মণিপুৰৰ, এজন নাগালেণ্ডৰ ডিমাপুৰৰ আৰু এজন মানকাচৰৰ। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে ডিমাপুৰৰ পৰা আনিছিল।